ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত এগৰাকী কম বয়সীয়া মহিলাৰ চীপলৈ আত্মহত্যা কৰাৰ ঘটনাত ৰহস্যৰ সৃষ্টি হৈছে ৷ সম্পূৰ্ণ ঘটনা আৰক্ষীক খবৰ নিদিয়াকৈ দুটা পৰিয়ালৰ মাজত বুজাবুজিৰ মাধ্যমেৰে সামাজিক ৰীতি-নিতি অনুসৰি মহিলাগৰাকীৰ শৱদেহ অন্তোষ্টিক্ৰিয়া সমাপন কৰাৰ কথা আছিল যদিও সামাজিক মাধ্যমত মহিলাগৰাকীৰ মৃতদেহৰ ফটো ভাইৰেল হৈ যোৱাৰ পিছতে ঘটনাটো পোহৰলৈ আহে ৷
আজি পুৱাৰ ভাগত উক্ত ঘটনাৰ খবৰ লাভ কৰি ডিফু থানাৰ অ’চি চিৰাজ ইংতি, উপ-পৰিদৰ্শক অচ্যুত নাথে সংগীয় ষ্টাফসহ ঘটনাস্থলী ডিফু চহৰৰ নাতি দূৰৈৰ ডিফু-লামডিং পথৰ বালিৰাম তেৰাঙ গাঁৱলৈ গৈ কলম চিং তিচ’ৰ ঘৰৰ পৰা দণ্ডাধীশ ৰাজেছন টেৰণৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে মহিলাগৰাকীৰ স্বামী ৰকি টিচ’ক আটক কৰি থানালৈ নিয়ে ৷ প্ৰাপ্ত খবৰ অনুসৰি কলমচিং টিচ’ৱে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে ৰাতিপুৱা ৫ মান বজাত বোৱাৰী হিচাপে থকা ৰ’দালী বে’পী নামৰ মহিলাগৰাকী তেওঁলোকৰ ঘৰত চীপলৈ ওলমি থকা প্ৰত্যক্ষ কৰি ৰ’দালিক চীপৰ পৰা নমাই আনি বচোৱাৰ চেষ্টা কৰে যদিও ৰ’দালী মৃত্যু নিশ্চিত হয় ৷
যোৱা নিশা এইলৈ স্থানীয় ৰাইজ ছোৱালী ঘৰৰ লোকৰ সৈতে ল’ৰাৰ ঘৰৰ মানুহৰ বুজাবুজি মৰ্মে ছোৱালীৰ পিতৃ-মাতৃ এজাহাৰ নিদি মৃতদেহ সৎকাৰ কৰা হব বুলি বুজাবুজি হয় ৷ কিন্ত আজি উক্ত ঘটনা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত ঘটনাই অন্য মূৰ লৈছে ৷ আনহাতে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি ৰ’দালি বেপী ডিফুত সৰুৰে পৰা লিখা পঢ়া কৰিছিল যদিওঁ চাৰিমাহ পূৰ্বে বালিৰাম তেৰাঙ গাঁও নিবাসী কলম টিচ’ৰ পুত্ৰ ৰকি টিচৱে পলুৱাই আনিছিল আৰু তেতিয়াৰ পৰা তেওঁলোকৰ ঘৰতে আছিল ৷ কালি ছোৱালীজনীৰ মৃত্যুৰ খবৰ পাইহে তেওঁলোক ইয়ালৈ অহা বুলি কয় ৷ মৃত ছোৱালীজনীৰ বয়স ১৭-১৮ বছৰ হ’ব বুলি জনায় ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত ঘটনাটো আত্মহত্যা নে কি সেয়া পোহৰলৈ আহিব ৷