ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্ৰ দেশৰ লগত সংগতি ৰাখি ১৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া মাহযোৰা পথ সুৰক্ষাৰ কাৰ্যসূচী হিচাপে আজি ডিফু ক্লাৱত এক সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ জিলা পৰিবহন বিষয়া বিক্ৰমাতিত্য গগৈ আৰু কাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে আঁতধৰা সভাখনৰ মুখ্য অতিথিৰ ভাষণত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই কয় যে, কৰ’ণাৰ সময়ত ক’ভিডত ১৫ জন লোকৰ প্ৰাণ হানি হোৱাৰ বিপৰীতে পথ দুৰ্ঘটনাত ৫৩ জন লোকৰ মৃত্যু হৈছে, যিটো চৰম উদ্বেগজনক বিষয়৷ জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই নিজৰ বহুমূলীয়া ভাষণত গাড়ী চালকসকলক পৰিবহন বিধিৰ পঞ্চসূত্ৰৰ বিস্তৃত ব্যাখ্যাৰ লগতে যানবাহন নিয়মমানি চলি গাড়ী চলাবলৈ পৰামৰ্শ আগবঢ়ায় ৷
আনহাতে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে নিজৰ ভাষণ প্ৰসংগত মহাভাৰতৰ প্ৰসংগ টানি আনি চালকসকলক অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণৰ সৈতে তুলনা কৰে ৷ এজন চালকে নিজকে এগৰাকী দক্ষ চালক হিচাপে গৌৰৱ অনুভৱ কৰিব লাগে, যিহেতু চালকজনেই সকলোৰে ঘৰত অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে ৷ ইয়াৰোপৰি বিভিন্ন চালক সন্থাই শ্ৰেষ্ঠ চালক সকলকো পুৰষ্কৃত কৰাৰ বাবে নিৰ্বাচিত কৰাৰ বাবে শলাগ লয় ৷
আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ক্ৰমে, বাছ চালকদ্বয় ফৰিজউদ্দিন তালুকদাৰ আৰু মঞ্জিত দাস, ট্ৰাক চালক লিভিং তিমুঙ, টেক্সি চালক মিংথান সিনহা আৰু অট’চালক উমেশ সিনহা আৰু মৃণাল কান্তি পালক শ্ৰেষ্ঠ ট্ৰফী, মানপত্ৰৰে সন্মান প্ৰদান কৰে লগতে বাছ, ট্ৰাক আৰু টেক্সি চালকক কাৰবি আংলং মটৰ পৰিবহন আৰু চালক সন্থাৰ তৰফৰ পৰা একলাখ টকা বীমা আগবঢ়োৱা হয় ৷
আনহাতে পথ সুৰক্ষা মাহ উপলক্ষে জিলা পৰিবহন বিভাগে আয়োজন কৰা ল’ৰা-ছোৱালী উভয় শাখাৰ মাৰাথান প্ৰতিযোগিতা ৰচনা প্ৰতিযোগিতা অংশগ্ৰহণ কৰা বিজয়ীসকলক পুৰষ্কৃত কৰা হয় ৷ আজিৰ সভাত এমভিআই এইছ শইকীয়া, জিলা প্ৰেছ ক্লাৱৰ সভাপতি কিৰি ৰংহাঙ, সাংবাদিক সঞ্জু বৰা, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিবহন বিভাগৰ অভিযন্তা প্ৰশান্ত গগৈ প্ৰমূখ্য কৰি গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকি সজাগতা সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷