![]()
নিউজ ডেস্কঃ
দেশৰ ৭২সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰপতি আৰক্ষী পদকলৈ অসমৰ পৰা নিৰ্বাচিত অসম আৰক্ষী উপ-আৰক্ষী মহাপৰিদৰ্শক ভায়োলেট বৰুৱা। কোকৰাঝাৰ জিলা উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছে মহিলা আৰক্ষীৰ বিষয়াগৰাকী। মহিলা আৰক্ষী বিষয়াগৰাকী উপৰিও ৰাষ্ট্ৰপতি পদকৰ বাবে অসমৰ পৰা নিৰ্বাচিত হৈছে আন ১৩ গৰাকী আৰক্ষী।
ধেমাজি লিকাবালিত কৰ্মৰত ২২নং অসম বেটেলিয়নৰ কামাণ্ডেণ্ট মোছলেহউদ্দীন আহমেদ, দৰং আৰক্ষীৰ অধীক্ষক অমৃত ভূঞা, দেৰগাঁৱ আৰক্ষীৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ শৰ্মা, গোৱালপাৰা অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, গোলাঘাট আৰক্ষী পৰিদৰ্শক দীপক বৰা, শিলচৰ আৰক্ষী উপ-পৰিদশক ইমামউদ্দীন চৌধুৰী, গুৱাহাটীৰ উপ-পৰিদশক ডিম্ব ৰাম তেৰাং, কাছাৰ সহকাৰী উপ-পৰিদশক নিৰঞ্জন দাস, কাছাৰ আৰক্ষী বিষয়া আনুৱাৰ হুছেইন বৰভূঞা, কনিষ্ঠবল পংকজ মহন্ত, জিতেন্দ্ৰ কুমাৰ সিং যাদৱ, হেমেন দাস, অনিল ৰাজবংশী।
আৰক্ষীৰ বাহিনীত আগবঢ়োৱা বিশেষ সেৱা বাবে গণৰাজ্য দিৱসত দিল্লীত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটা।













