জিতেন বৰকটকী:
নগাঁও : নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি নগাঁৱতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে জিলা উপায়ুক্ত কাৰ্য্যালয় চৌহদত জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ সভাপতিত্ব অনুষ্ঠিত সভাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে অনুষ্ঠিত কৰা কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ।

আনহাতে ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুত কৰা এটি সজাগতামূলক গীত মুকলি কৰে পেৰাচাইকেলিষ্ট ৰাকেশ বনিকে। ইয়াৰ উপৰি ভোটাৰ সজাগতাৰ বাবে জিলা প্ৰশাসনে এক চাইকেল ৰেলীৰো আয়োজন কৰে।
উক্ত চাইকেল ৰেলীত পেৰাচাইকেলিষ্ট ৰাকেশ বনিকৰ লগতে ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, নিৰ্বাচনী বিষয়া ৰাজ বৰুৱা প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।













