ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে জিলাখনৰ ডিফু চৰকাৰী মহাবিদ্যালয় আৰু হাওৰাঘাট মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়।
ডিফু চৰকাৰী মহাবিদ্যালয়ত আজি দিনৰ প্ৰায় এঘাৰ বজাৰ পৰা জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিংহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাই ভাষণ প্ৰদান কৰি সকলো নাগৰিককে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ আহ্বান জনায় ।
উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত একোটা ভোটৰ গুৰুত্ব সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় । লগতে নতুনকৈ ভোটাধিকাৰ লাভ কৰা নৱ প্ৰজন্মৰ ভোটাৰ সকলৰ সৈতেও মত বিনিময় কৰে উপায়ুক্তগৰাকীয়ে।
উল্লেখযোগ্য যে, জিলাখনৰ সকলো ভোটকেন্দ্ৰতে আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা বুলি জিলা নিৰ্বাচনী বিষয়া জিন্টু বৰাই জানিবলৈ দিছে। আনহাতে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱাৰ ভাগত ডিফু নগৰত এক সমূহীয়া দৌৰৰ আয়োজন কৰা হয় ।