![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে পুনৰ নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ । উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় আৰু সামাজিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক দুটা বৰ্ষৰ বাবে পদাধিকাৰ হিচাপে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ ।
নগাঁও চহৰৰ কলংপাৰস্হিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুল কাৰ্যালয়ত আজি পুৱাৰে পৰা অনুষ্ঠিত ভোট গননাৰ অন্তত কমলাকান্ত গগৈয়ে মুঠ ১৭৬০ টা ভোট লাভ কৰাৰ লগতে ৯৭৮টা ভোটৰ ব্যৱধানত সংঘৰ পদাধিকাৰ হিচাপে পুনৰ নিৰ্বাচিত হয় ।
উল্লেখ্য যে এইবাৰ পদাধিকাৰ পদৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত ডিব্ৰুগড় জিলাৰ কমলাকান্ত গগৈৰ লগতে গোলাঘাট জিলাৰ পবিত্ৰ প্ৰাণ বৰা আৰু মৰিগাঁও জিলাৰ ডা: পুনিৰাম পাটৰো অৱতীৰ্ণ হৈছিল ।

বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা পদাধিকাৰ পদৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পিছত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত থকা সংঘৰ ৩ হাজাৰ ৬৫ খন প্ৰাথমিকে ভোট দান সাব্যস্ত কৰাৰ পাছত সংবিধান অনুসৰি সংঘৰ মূল কাৰ্য্যালয়ত এই ভোট গননা প্ৰক্ৰিয়া অনুষ্ঠিত হয় ।
উল্লেখ্য শংকৰী কলা-সংস্কৃতিৰ সাধক কমলাকান্ত গগৈয়ে বিগত বহুবছৰ ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে একনিষ্ঠভাৱে সেৱা আগবঢ়াই আহিছে। আজি নগাঁও চহৰ স্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কমলাকান্ত গগৈক পুনৰ পদাধিকাৰ হিচাপে ঘোষণা কৰে সংগঠনটোৰ প্ৰধান সম্পাদক বাবুল বৰাই।
আনহাতে, প্ৰধান সম্পাদক বৰাই বিগত এটা বছৰে কৰ’না মহামাৰীৰ বাবে স্থবিৰ হৈ পৰা সংগঠনটোৰ কাম-কাজ পুনৰ গতিশীল কৰা হ’ব বুলিও জানিবলৈ দিয়ে।













