ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেছন আৰু সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ সমন্বয়ৰক্ষী সমিতিয়ে অহা ২৭ জানুৱাৰীত আহ্বান জনোৱা ২৪ ঘণ্টীয়া চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে কাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰৱ চালক সন্থাই ৷ এক প্ৰেছ বিবৃতি যোগে সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে এই কথা জানিবলৈ দিছে যে, সন্থাৰ ষ্টিয়াৰিং কমিটিৰ আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
মটৰ শ্ৰমিক সকলক সামাজিক সুৰক্ষা আইনৰ আওতাত আনি মটৰ শ্ৰমিক সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ক’ভিডৰ সময়ত নিঃস্বাৰ্থ সেৱা আগবঢ়োৱা মটৰ শ্ৰমিক সকললৈ বিশেষ পেকেজ প্ৰদান কৰাৰ দাবী ন্যায্য দাবী বুলি জনায় সাধাৰণ সম্পাদক গৰাকীয়ে ৷ সেয়ে সকলো গাড়ীৰগৰাকী বাছ আৰু ট্ৰাক পৰিবহন চালক, টেক্সি, অট’ চালকসকলক উক্ত বন্ধ সাফল্য মণ্ডিত কৰিবলৈ আহ্বান জনাইছে ৷