নিউজ ডেক্স:
ৰাজ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ বঁটা।গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত ভাৰত চৰকাৰে ঘোষণা কৰিছে এই কথা।
উল্লেখ দেশৰ ১০ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ সন্মান ।
অসমবাসীৰ জনপ্ৰিয় নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী যোৱাবৰ্ষ ২৩ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল।১৫বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল গগৈ।
ইফালে পদ্মশ্ৰী বঁটা বাবে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী নাম ঘোষণা কৰিছে ভাৰত চৰকাৰে।চলিত বর্ষত ১০২গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ’ব পদ্মশ্ৰী সন্মান।
সমাজকর্মী লখিমী বৰুৱাক প্ৰদান কৰা হ’ব পদ্মশ্ৰী সন্মান।