ছাইদুল ইছলাম
ডিফু : কাৰবি আংলং জিলা প্ৰেছ ক্লাব চমুকৈ ডিপিচিকেৰ কাৰ্যনিৰ্বাহক সভাখন আজি সম্পন্ন হৈ যায় ৷ আজি ডিফুস্থিত জিলা প্ৰেছ ক্লাবৰ কাৰ্যালয়ত সভাপতি কিৰি ৰংহাঙৰ পৌৰুহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ডেনিয়েলচন বে’ই ৷ সভাত দীৰ্ঘ আলোচনাৰ অন্তত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰা হয় ৷ প্ৰস্তাৱ মৰ্মে অহা ৮ ফেব্ৰুৱাৰীত ডিপিচিকেৰ তিনিবছৰীয়া কাৰ্যকাল অন্ত পৰাত পৰিপ্ৰেক্ষিতত পুৰণি সমিতি ভংগ কৰি এখন নতুন সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেয়ে ডিপিচিকেৰ আগন্তুক সাধাৰণ সভাখন এইবাৰ ডিফুৰ নিকটৱৰ্তী মনোমোহা আৰু নৈসৰ্গিক উদ্যাণ “ৰিক্ৰিয়েছন পাৰ্ক”ত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ লয় ৷
ইয়াৰ বাবে ৫ জনীয়া বিত্তীয় উপসমিতি গঠন কৰি দিয়া হৈছে ৷ আজিৰ সভাই ডিপিচিকেৰ পৰৱৰ্তী সমিতি গঠন প্ৰক্ৰিয়াৰ নিৰ্বাচনত কেৱল ডিপিচিকেৰ পঞ্জীয়ণকৃত সদস্যইহে অংশগ্ৰহণ কৰিব পাৰিব বুলি সিদ্ধান্ত লয় ৷ পৰ্টেলৰ সাংবাদিক বা ইচ্ছুক সাংবাদিকসকলে অহা ২ ফেব্ৰুৱাৰীৰ ভিতৰত ডিপিচিকেৰ সদস্য ভৰ্তিৰ প্ৰপত্ৰ পূৰণ কৰি সংশ্লিষ্ট কাৰ্যালয়ত নিজৰ হাউছৰ সম্পাদকৰ আপত্তিবিহীন প্ৰমান-পত্ৰ আৰু পৰিচয়-পত্ৰখন প্ৰ-পত্ৰৰ সৈতে দাখিল কৰিবলৈ কোৱা হৈছে ৷
ইয়াৰোপৰি যিসকল সাংবাদিকৰ পৰ্টেল বা ৱেৱছাইটৰ অস্থিত্ব নাই তেনে সাংবাদিকে জিলা উপায়ুক্ত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ আপত্তিবিহীন প্ৰমান-পত্ৰ দাখিল কৰিব পাৰিলেহে ডিপিচিকেৰ পঞ্জীয়নভূক্ত কৰা হ’ব ৷ অন্যথা তেনে সাংবাদিকৰ দায়িত্ব ডিপিচিকে গ্ৰহণ নকৰে বুলি সাংবাদিকৰ আগত ডিপিচিকেৰ সভাপতি কিৰি ৰংহাঙে জানিবলৈ দিছে ৷