ষ্টাফ ৰিপ’ৰ্টাৰ:
যোৰহাটৰ বাঘমৰাত মঙলবাৰে সংঘটিত হৈছে এক নাওঁ দূৰ্ঘটনা। বাঘমৰাত পিকনিক খাবলৈ যোৱা এটা দলে ব্ৰহ্মপুত্ৰত নৌকাবিহাৰ কৰিবলৈ যোৱা সময়তে নাওঁখন ডুব যায়।
তথ্যনুসৰি, নাওঁখনত যোৰহাট নগৰৰ পুৰণা বালিবাট আৰু ৰয়েল ৰোডৰ পৰা যোৱা শিশু মহিলাসহ বহুকেইগৰাকী লোক আছিল যাৰ পৰা বৰ্তমানেও সন্ধানহীন হৈ আছে ৪ গৰাকী।
উদ্ধাৰ কৰা এগৰাকী কিশোৰী আৰু এগৰাকী মহিলাক শেহতীয়াকৈ JMCH ত ভৰ্তি কৰাৰ সমান্তৰালকৈ এছ ডি আৰ এফৰ দলে এতিয়ালৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
বাঘমৰা উইণ্টাৰ কাৰ্ণিভেল নামৰ যোৰহাটৰ উপকণ্ঠৰ ব্ৰহ্মপুত্ৰৰ কাষৰ এই অঞ্চলটো এক জনপ্ৰিয় পিকনিক স্পট ৰূপে গঢ় দিছিল একাংশ লোকে।ইয়ালৈ পিকনিক খাবলৈ যোৱা লোকসকলক কেন্দ্ৰ কৰি নৌকা বিহাৰকে ধৰি বিভিন্ন আমোদ-প্ৰমোদৰ ব্যৱস্থা কৰি আহিছিল একাংশ যুৱকে।
ইয়াৰ পিছতো, এনেদৰে ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ কৰোতে লাইফ জেকেটকে ধৰি কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা নকৰাৰ পৰিণতিত অঞ্চলটোত এনেধৰণৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।