ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কালি নিচেই পুৱাৰ ভাগত কার্বি আংলং জিলাৰ হাওবাঘাট থানাৰ অন্তর্গত হাওৰাঘাট তিনিআলিত সংঘটিত হােৱা এক বিধ্বংসী অগ্নিকাণ্ডটোৰ ঘটনাত দুই ব্যবসায়িক প্রতিষ্ঠানকে ধৰি তিনিটাকৈ ঘৰ ভস্মীভূত হয়।
ঘটনাৰ বিৱবণী অনুসৰি, কালি নিচেই পুরা প্রায় চাৰি বজাত এলেকাটোত অগ্নিকাণ্ডৰ সুত্রপাত হয়। নিমিষতে কালৰূপ ধাৰণ কৰা উক্ত অগ্নিকাণ্ডৰ ঘটনাত এলেকাটোৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা বিজয় বসুমতাৰীৰ যান-বাহনৰ যন্ত্রপাতিৰ দোকান, অৰ্জুন দাসৰ বাচন-বর্তনৰ দোকান সম্পূর্ণৰূপে জাহ যােৱাৰ লগতে দোকান দুখনৰ গাতে লাগি থকা জোন বৰা নামৰ লােকজনৰ বাসগৃহৰ অর্ধেকাংশ জুইত জাহ যায়।
অৱশ্যে, অগ্নিনির্বাপক বাহিনীৰ লােক লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই প্রশমন কৰাব ফলত এলেকাটো অধিক ক্ষতিগ্রস্থ হােৱাৰ পৰা কথমপি ৰক্ষা পৰে। উক্ত অগ্নিকাণ্ডৰ ঘটনাত কমেও দহ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যােৱা বুলি জানিব পৰা গৈছে।