ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ৭২ সংখ্যক গণৰাজ্য দিৱসৰ আনন্দ-উৎসৱৰ মাজতে আজি বিয়লি বােকাজানত সংঘটিত হােৱা এক শােকাৱহ পথ দুর্ঘটনাত এজন যুৱকক অতি গুৰুতৰভাবে আহত হয়।
ঘটনাৰ বিৱৰণী অনুসৰি, কালি বিয়লি প্রায় দুই বজাত ডিমাপুৰৰ দিশৰ পৰা তীব্র বেগেৰে আহি থকা এএছ-০৩-ডব্লিউ -৩৯৩২ নম্বৰৰ তীব্রবেগী বাজাজ পালছাৰ বাইকখনে বিপৰীত দিশৰ পৰা আহি থকা ইউপি-১১-এটি- ৫৪২৮ নম্বৰৰ বাৰচকীয়া ট্রাকখনত প্রচণ্ড জোৰেৰে সন্মুখৰ পৰা খুন্দা মৰাৰ ফলত দুর্ঘটনাতাে সংঘটিত হয়।
উক্ত দুর্ঘটনাত অতি গুৰুতৰভাৱে আহত হােৱা অচিনাক্ত বাইক আৰোহীগৰাকীক বােকাজান প্রাথমিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও অতি সংকটজনক অৱস্থাত যুৱকজনক উন্নতচিকিৎসাৰ বাবে ডিমাপুৰলৈ প্রেৰণ কৰা হয়।