নিউজ ডেস্কঃ
আলফা(স্বা)য়ে মুক্তি সময়সীমা বান্ধি দিলে কুইপ’ অপহৃত বিষয়া ৰাম কুমাৰৰ। আলফা(স্বা), এন.এছ চি.এন আৰু জি.পি.আৰ.এনৰ তত্বাৱধানত থকা বিষয়াগৰাকীক ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত মুক্তিৰ যথোপযুক্ত ব্যৱস্থা নকৰিলে ১৭ ফেব্ৰুৱাৰীত ৰাম কুমাৰৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক বিবৃতি জৰিয়তে প্ৰকাশ কৰিছে আলফা(স্বা)। লগতে এই সময়সীমা ম্যাদ কোনো কাৰণত বৃদ্ধি কৰা নহ’ব বুলিও সশস্ত্ৰ সংগঠনটোৱে উল্লেখ কৰিছে।