![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিমাচা জনগোষ্ঠীৰ জাতীয় উৎসৱ বিছু ডিমাত গুলীচালনা ৷ এই গুলীচালনাত প্ৰাক্তন DHD নেতা অমিৎ নুনিছা আৰু আলতা মাইবংচা’ নামৰ এগৰাকী মহিলাৰ মৃত্যু ৷ আহত হয় আছিচ ফংলচা’ নামত এগৰাকী যুৱক ৷ কালি নিশা অসম-নাগালেণ্ড সীমান্তৰ খাৰনাইদিছা গাঁৱত সংঘটিত এই ভয়ংকৰ আক্ৰমণে এলেকাতোত ত্ৰাসৰ সৃষ্টি কৰিছে৷ আহত যুৱকগৰাকী বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৷
উল্লেখযেোগ্য যে, কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰি থানাৰ অন্তৰ্গত খাৰনাইদিছা গাঁৱত কালি নিশা ১১ বজাত সংঘটিত এক গুলীচালনাত প্ৰাক্তন DHD নেতা অমিৎ নুনিছা আৰু আলতা মাইবংচাং’ নামৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে ৷ এই আক্ৰমণত আন এগৰাকী যুৱক আছিচ ফংলচা’ৰ হাতত গুলী লাগিছে ৷
উল্লেখ যে, কালি আছিল ডিমাছাসকলৰ জাতীয় উৎসৱ বিছু ডিমা ৷ সেয়ে গাঁৱে-গাঁৱে আয়োজন কৰা হৈছিল বিছু ৷ খাৰনাইদিছা গাঁৱতো ৰাইজে দিনটো বিছু উপভোগ কৰি ভোজ ভাত খাইছিল ৷ নিশা উৎসৱৰ মাদকতাৰ মাজতে প্ৰায় ১১ বজাত সন্দেহযুক্ত DNLA নামৰ উগ্ৰপন্থী সংগঠনটোৱে অত্যাধুনিক মৰণাস্ত্ৰৰে আক্ৰমণ কৰে প্ৰাক্তন DHD নেতা অমিৎ নুনিছাক ৷
সাতটা গুলীৰে প্ৰাক্তন বিদ্ৰোহীগৰাকীৰ দেহ নিঠৰ হৈ পৰে ৷ এই গুলীচালনাত তেওঁৰ কাষতে থকা আলতা মাইবংচা’ নামৰ মহিলা গৰাকীৰ কপালত গুলী লাগি মৃত্যু হয় ৷ আহত হয় আছিচ ফংলচা’ ৷ আৰক্ষীয়ে এই ঘটনাত কোন জড়িত এতিয়াও স্পষ্ট কৰা নাই যদিও সন্দেহ কৰা অনুসৰি এই ঘটনা DNLA নামৰ সংগঠনটোৱে সংঘটিত কাৰণ ৷ কাৰণ প্ৰাক্তন DHD সকলৰ বাবে তেওঁলোকে ধনশিৰি এলেকাত খোপনি পুতিব পৰা নাই ৷
ইয়াৰ পূৰ্বে ২০১৭ চনত DHD প্ৰাক্তন সেনাধ্যক্ষ প্ৰণৱ নুনিছা আৰু নিলেন্দু ডিমাছাকো সংগঠনটোৱে হত্যা কৰাৰ চেষ্টা কৰিছিল ৷ কালি নিশা সংঘটিত এই হত্যাকাণ্ডই এতিয়া এলেকাতোত আতংকৰ সৃষ্টি কৰিছে ৷












