![]()
ব্ৰিটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰি ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ ঐতিহাসিক পথৰুঘাটত ১৪০জন কৃষকে ব্ৰিটিছৰ গুলিত প্ৰাণ হেৰুৱাইছিল । পথৰুঘাটত প্ৰতিবছৰে শ্বহীদ কৃষকসকলক স্মৰণ কৰি ২৮ জানুৱাৰীৰ দিনটোত কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হৈ আহিছে ।
প্ৰত্যেক বছৰৰ দৰে এই বছৰো উদ্যাপন কৰা হ’ল কৃষক শ্বহীদ দিৱস ৷ পথৰুঘাটৰ এই শ্বহীদ দিৱসত উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পথৰুঘাটত উপস্থিত থাকি দক্ষতা বিকাশ প্ৰকল্প আৰু কৃষি বিকাশ প্ৰকল্পৰ উদ্বোধন কৰে ৷













