![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ সময়তে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত বকলীয়াঘাটত আজি দলটোৰ এখনি পৃষ্ঠপ্ৰমূখ সন্মিলন অনুষ্ঠিত কৰা হয়। বিজেপি দলৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ধনছিং টেৰণৰ সভাপতিত্বত আজি দিনৰ প্ৰায় এঘাৰ বজাৰ পৰা বকলীয়াঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাত ভাষণ প্ৰদান কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী চুম ৰংহাঙে পৃষ্ঠপ্ৰমূখসকলক তৃণমূল পৰ্যায়ৰ মূল ব্যক্তি বুলি অভিহিত কৰে।

পৃষ্ঠপ্ৰমূখসকলে নিয়াৰিকৈ নিজ দায়িত্ব পালন কৰিব পাৰিলেহে উদ্দেশ্য সিদ্ধি সম্ভৱ হ’ব বুলি মন্তব্য কৰি পৃষ্ঠপ্ৰমূখসকলক নিজ দায়িত্ব পালন কৰি যোৱাৰ আহ্বান জনায় । ৰাজ্যিক বিজেপিৰ প্ৰতিনিধি হিচাপে সভাখনত উপস্থিত থাকি প্ৰদান কৰা ভাষণত বিজেপি নেতা থৈবা সিঙে তৃণমূল পৰ্যায়ৰ নেতাসকলে সঠিকভাৱে নিজ দায়িত্ব পালন কৰিলেই বিজেপি দলৰ এশখনতকৈ অধিক আসন লাভৰ লক্ষ্য পূৰণ হ’ব বুলি মন্তব্য কৰে ।
লগতে বিজেপি চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবেও ৰাইজক আহ্বান জনায় । কেইবা হাজাৰ পৃষ্ঠপ্ৰমূখ তথা দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত দলটোৰ ভালেকেইজন শীৰ্ষনেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উক্ত সভাতে পৃষ্ঠপ্ৰমূখসকলৰ মাজত নিযুক্তি পত্ৰসমূহো বিতৰণ কৰা হয়।













