![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিগত সময়ছোৱাত ব্যাপক প্ৰতিবাদ অব্যাহত ৰখা বিৰোধী দল এএছডিচিৰ উদ্যোগত আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

আজি দিনৰ প্ৰায় এঘাৰ বজাত এএছডিচি, কাৰ্বি ছাত্ৰ সন্থা আৰু কে এন চি এৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানৰ সন্মুখত অৱস্থান কৰি মূল্যবৃদ্ধি আৰু কৃষি আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে ’মূল্যবৃদ্ধি ৰোধ কৰক’, ’কৃষকৰ ওপৰত জাপি দিয়া কৃষি আইন বাতিল কৰক’, ‘অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক’, ’ পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস কৰক’ আদি শ্ল’গান সম্বলিত প্লে কাৰ্ড প্ৰদৰ্শন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে নিৰ্বাচনৰ পূৰ্বে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ আমোলত মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ক’ৰ’না সংক্ৰমণৰ সুযোগ লৈ জনতাক পণবন্দী কৰি এখনৰ পিছত আনখন জনবিৰোধী আইন ৰূপায়ণ কৰাৰ ফলশ্ৰুতিতে আজি দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠা বুলি মন্তব্য কৰে।












