![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নিৰ্বাচন আহিলেই ভোট বিচাৰি নেতা পালিনেতাৰ সোঁত বয় গ্ৰামাঞ্চলসমূহলৈ। পিছে, নিৰ্বাচনত বিজয়ী সাব্যস্ত হোৱাৰ পিছত সেইসকল ভোটাৰ ৰাইজলৈ হে মনত নপৰে জনপ্ৰতিনিধিসকলৰ। বিগত ৫ বছৰে জনপ্ৰতিনিধিৰ ছাঁটোকে দেখা নাই লামডিং সমষ্টিৰ ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অধীনৰ এইসকল স্থানীয় ৰাইজে।
যাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে এই সকল স্থানীয় ৰাইজ। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছৰে পৰা আজি পৰ্যন্ত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অধীনৰ ৰাইজৰ দুখ-দুৰ্দশাৰ খবৰ ল’বলৈ নহাৰ অভিযোগ তুলিছে এইসকল লোকে। তদুপৰি, পঞ্চায়তৰ অধীনৰ স্থানীয় ৰাইজে কোনো চৰকাৰী আঁচনিৰ সা সুবিধা লাভ নকৰাত জনপ্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে।












