![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং জিলাৰ ধনশিৰীৰ নাৰকীয় হত্যাকাণ্ডকলৈ বিভিন্ন দল-সংগঠনে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰাৰ লগতে পাহাৰীয়া জিলাখনৰ সৰ্বত্ৰে এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। জনজাতীয় লোকসকলৰ এক অন্যতম গুৰুত্বপূর্ণ আৰু পৱিত্র দিনটোতে খাৰনাইডিছাৰ উৎসৱস্থলীক মানৱতাৰ বধ্যভূমিলৈ পৰিণত কৰা অস্ত্রধাৰী দুর্বৃত্তৰ এনে অমানৱীয় হত্যাকাণ্ডৰ ঘটনাক স্বাভাৱিকতে শান্তিপ্রিয় সকলো লোকেই গৰিহণা দিছে। ইয়াৰ মাজতে আজি বিয়লি ডিফু চহৰত থকা ‘ডিমাচা ক্লাবত কেইবাটাও ডিমাচা জাতীয় সংগঠনৰ তৰফৰ পৰা এক সমূহীয়া সংবাদমেলৰ আয়োজন কৰা হয়।
ডিমাচা জাতীয় সংগঠনসমূহৰ লগতে কার্বি আংলং জিলাৰ আন কেইবাটাও সামাজিক সংগঠনৰ লগতে ছাত্র সংগঠনেও অংশগ্রহণ কৰা উক্ত সংবাদমেলত দল-সংগঠনসমূহৰ নেতৃবৃন্দই বিচু ডিমাৰ উৎসৱৰ মাজতে অচিনাক্ত দুর্বৃত্তই নির্বিচাৰ গুলীচালনা কৰি চলোবা হত্যালীলাৰ ঘটনাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰে।
উক্ত ঘটনাত হত্যাৰ বলি হোৱা ষাঠি বছৰীয়া আলতা মাইবংছা নীৰিহ মহিলাগৰাকীৰ লগতে ৪৫ বছবীয়া অমিত নুনিছাৰ প্রতি সংবাদ মেল যোগে সংগঠনসমূহে সমবেদনা জনায়।

আনহাতে, উক্ত নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰা ঘাটক বাহিনীক শীঘ্রে আটক কৰি আইন অনুসৰি কঠোৰ শাক্তি প্রদান কৰা বাবে সংবাদমেল যোগে সংশিষ্ট কর্তৃপক্ষক দাবী জনোৱা হয়। লগতে, উক্ত হত্যাকাণ্ডৰ ঘটনাৰ শীঘ্ৰে চিবিআই তদন্তৰ নির্দেশ দিয়াৰ বাবেও সংগঠনসমূহে দাবী জনায়।
আনহাতে, আক্রমণৰ বলি হোৱা আটাইকেইগৰাকী লোকৰ পৰিয়ালক আর্থিক ক্ষতিপূ্ৰণ প্রদানৰ বাবে সংগঠনসমূহে দাবী জনাইছে। সকলো লোককে শান্তি সম্প্রীতি বজাই ৰাখিবৰ বাবেও সংবাদমেল যোগে সংগঠনসমূহে দাবী জনাইছে।
আনহাতে সংবাদমেলত উপস্থিত থকা ডিমাছা সাহিত্য সভাৰ সম্পাদক সত্যব্ৰত কেম্প্ৰাইয়ে সংবাদমেলক সম্বোধন কৰি কয়যে, বিছু ডিমা এক পৱিত্ৰ ধৰ্মীয় উৎসৱ ৷ বুধবাৰে নিশা ধনশিৰিত এই উৎসৱৰ আনন্দ উল্লাহৰ মাজতে দুজনকৈ নিৰিহ ব্যক্তিক জঘন্যভাৱে গুলীয়াই হত্যা কৰা কাৰ্য্য চৰম নিন্দনীয় আৰু এই আক্ৰমণ ডিমাছা জাতিৰ ওপৰত কৰা এক ডাঙৰ আঘাত ৷
আজিৰ সংবাদমেলত ক্ৰমে, ডিমাছা সাহিত্য সভাৰ সভাপতি সম্পাদক ক্ৰমে, ফণীভূষণ হাফলংবাৰ, আৰু সত্যব্ৰত কেম্প্ৰাই, ডিএছইউৰ সভাপতি ধীৰাজ ডিফুছা, ডিলাজী মিথিফাঙৰ চৰকাৰী গাঁওবুঢ়া ৰাজেশ ফংলছা, কেএছএৰ সাধাৰণ সম্পাদক থানছিং তিমুঙ, কেএনএৰ সভাপতি তংথাং তাউথাং আৰু কাৰবি আংলং বেঙ্গলি ছাত্ৰ যুৱ ফেডাৰেছন অংকিত পাল উপস্থিত থাকে ৷












