![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
আজি বৃহস্পতিবাৰে লংকাৰ কাকীত হোজাই জিলা ছাত্ৰ সন্থা আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰিবলৈ নিৰ্মাণ কৰি উলিওৱা শ্বহীদ বেদী, সুধাকন্ঠ ড° ভূপেন হাজৰীকাৰ আৱক্ষ মূৰ্ত্তিৰ লগতে বৌদ্ধিক বিকাশৰ বাবে আছু বুক বেংক আৰু এটি ছাত্ৰ পুথিভঁৰাল উন্মোচন কৰা হয়।সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰচেষ্টাৰ অংশস্বৰূপে ১নং কাকীস্থ কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত নিৰ্মিত হোৱা তিনিওটা অনুষ্ঠান আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, নেচ’ৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্ৰাচাৰ্য আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই।
ইপিনে, উন্মোচনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাখনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি উন্মোচক সমুজ্জল কুমাৰ ভট্ৰাচাৰ্যই ড° ভূপেন হাজৰীকাৰ দৰে প্ৰবাদ পুৰুষজনৰ আৱক্ষ মূৰ্তি উন্মোচকৰ দায়িত্ব পালন কৰি নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে। লগতে ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি হোজাই জিলা ছাত্ৰ সন্থা আৰু কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত এক মহান কাৰ্য সম্পন্ন হোৱা বুলি মন্তব্য প্ৰদান কৰে।












