![]()
আছিফ আলি:
অসম আৰক্ষীৰ গাওঁৰক্ষী বাহিনীৰ ২৮ আৰু ২৯ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত নিমন্ত্ৰতি অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসমৰ বিভিন্ন জিলাৰ পৰা অহা ভালে সংখ্যক গাঁওৰক্ষী বাহিনীৰ ৩৪জন প্ৰতিনিধিক বঁটা প্রদান কৰে । লগতে ২৬ চক্র সংগঠক বঁটা প্ৰদান কৰে।
কালিৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে এক প্ৰতিনিধি সভাত অংশ ল’লে। কালিৰে পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বাহিৰ কৰা হৈ এক সাংস্কৃতিক শোভাযাত্ৰা।
তাৰ অন্তত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী সহিত বিশিষ্ট লোকসকলে অংশ ল’লে। প্ৰতিষ্ঠা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰ আৰু তলাতল ঘৰক এক সীমিত পুঁজিৰে আলোক সজ্বাৰে সজাই তুলিলে আৰক্ষী প্ৰশাসনে। শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহৰ প্ৰতি ৰাইজৰ দৃষ্টি আকৰ্ষণৰ বাবে এনে ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষী প্ৰশাসনে জানিব দিছে।
মুখ্যমন্ত্ৰী লগতে মন্ত্ৰী যোগেন মোহন, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, থাউৰা সমষ্টি বিধায়ক কুশল দুৱাৰী, আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, সোনাৰী সমষ্টি বিধায়ক নাৱনীত সন্দিকৈ, ৰাজ্যসভা সাংসদ তপন গগৈ লগতে আৰক্ষী বিভিন্ন উচ্চ পদস্ত বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী বিভিন্ন গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়া।












