ষ্টাফ ৰিপ’ৰ্টাৰ:
শুক্ৰবাৰে হােজাই জিলা প্রশাসনৰ উদ্যোগত শংকৰদেৱ নগৰস্থিত কাছাৰি ময়দানত অসম চৰকাৰৰ স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যােজনাৰ (স্বয়ম) হোজাইত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়।
এই অনুষ্ঠানত অসম চৰকাৰৰ পার্বত্য উন্নয়ন আৰু খনি বিভাগৰ মন্ত্রী শ্ৰী চুম ৰংহাংয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি হােজাই জিলাত নিৰ্বাচন কৰা বিভিন্ন আত্মসহায় গোটৰ ১২০০ গৰাকী হিতাধিকাৰীক অসম চৰকাৰে আগবঢ়োৱা অনুমােদন পত্র বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে । অনুষ্ঠানত হােজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্র ও উপস্থিত থাকে ৷
মন্ত্রী শ্ৰী চুম ৰংহাংয়ে কয় যে, এই আঁচনিৰ উদ্দেশ্য স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অর্থনীতিক সৱলীকৰণৰ লগতে যুৱক যুৱতী সকলক আর্থিক দিশত সবল আৰু অত্মনিৰ্ভৰশীল কৰি তুলি তেওঁলোকৰ নিজৰ জীৱিকাৰ লগতে আনৰাে নিয়ােগ সৃষ্টিৰ ক্ষেত্ৰত সবল ভূমিকা গ্ৰহণ কৰা ৷













