ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দেওপানীত জিলা আৰু শাখা সাহিত্য সভাই পাতিলে স্মৃতি দিৱস:

মাতৃ সকলে শিশুক নিচুকণি গীত , সাধু শুনাওঁক ----- কৰবী ডেকা হাজৰিকা

ASSAM TIMES POST by ASSAM TIMES POST
January 29, 2021
Reading Time: 1 min read
A A
0
দেওপানীত জিলা আৰু শাখা সাহিত্য সভাই পাতিলে স্মৃতি দিৱস:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : কাৰবি আংলং জিলা সাহিত্য সভাৰ ১৯৮৯ চনৰ বাৰ্ষিক অধিৱেশনৰ কামত ব্যস্ত হৈ থকাৰ সময়ত এক দুৰ্ঘটনাত মৃত্যু হৈছিল তিনি গকাকী ব্যক্তিৰ ৷ অতুল বৰা , দুলেশ্বৰ গগৈ আৰু গোলাগ শইকীয়াই অকালতে প্ৰাণ হেৰুৱাইছিল ৷

7d0987e6 b3d1 4465 9e82 cc6258722640 e1611935929907 | ASSAM TIMES POSTনিজৰ ভাষা সাহিত্যৰ প্ৰতি থকা অগাধ ভালপোৱা এই তিনিগৰাকী ব্যক্তিৰ মাজৰ দুগৰাকী আছিল শিক্ষক ৷ তেওঁলোকৰ স্মৃতি ৰক্ষাৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সহযোগত দেওপানী শাখা সাহিত্য সভাই আয়োজন কৰি আহিছে অসম ভিত্তিত চুটি গল্প প্ৰতিযোগিতা ৷

এইবছৰ গল্প প্ৰতিযোগিতাৰ লগতে সভাই বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছিল স্মৃতি দিৱস ৷ স্মৃতি দিৱসৰ মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: কৰবী ডেকা হাজৰিকাই কয় যে আমি নিজৰ ভাষা-সাহিত্য জীয়াই ৰাখিব লাগিব ৷

b2e32815 10d0 488c b325 0f1ddf528a80 | ASSAM TIMES POSTআনে আহি আমাৰ জাতি , আমাৰ সংস্কৃতি , আমাৰ ভাষা ৰক্ষা নকৰে ৷ সেয়ে তেওঁ মাতৃ সকলক শিশুক নিচুকণি গীত , আইনাম , ধাইনাম গোৱাই শুৱাবলৈ আহৱান জনাই ৷ সৰুৰে পৰা শিশু সকলক সাধু শুনোৱাৰ অভ্যাস কৰিবলৈ কয় ৷

জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ভাষণ দি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ গৈ মৃত্যু তিনিগৰাকী যুৱকৰ স্মৃতিত এইদৰে অনুষ্ঠানৰ আয়োজন কৰা কাৰ্যৰ শলাগ লৈ সাহিত্য সভা কেৱল সাহিত্যিকৰ সভা নহয় বুলি মন্তব্য কৰে ৷

বিশিষ্ট অতিথিৰ আসনৰ পৰা বোকাজানৰ বিধায়ক ডা: নোমল মমিনে অসমীয়া মাধ্যমত সকলোৱে নিজৰ নিজৰ সন্তানক পঢ়ুৱালেহে ভাষা-সাহিত্য ৰক্ষা পৰিব বুলি কয় ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকাই ইতিহাসিক দেওপানীৰ জনতাক কিছু শৈক্ষিক পৰামৰ্শ আগবঢ়াই ৷

লেখক সাংবাদিক সঞ্জু বৰাই সময়ৰ অগ্ৰগতি আৰু পৰিবৰ্তনৰ লগত মিলি নতুন প্ৰজন্মই ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা উচিত বুলি মন্তব্য কৰে ৷ কবি , লেখক ভৱপ্ৰসাদ দেউৰীয়ে কাব্যিক ভাষণেৰে শাখা সাহিত্য সভা সমূহেই সাহিত্য সভাৰ শক্তি বুলি কয় ৷ জিলা সভাৰ প্ৰাক্তন সভাপতি নৰেন হাজৰিকাও চমু ভাষনেৰে দেওপানীৰ ৰাইজক জাতীয়তাবাদী বুলি অভিহিত কৰে ৷

জিলা সাহিত্য সভাৰ সম্পাদক বিশ্বজ্যোতি হাজৰিকা আৰু শাখাৰ সম্পাদক পংকজ মহন্তই আতঁ ধৰা অনুষ্ঠানত দেওপানী পৰিষদৰ সদস্য মুকুত মহন্তকে ধৰি বহু কেইগৰাকে বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ভাষা জননীৰ সেৱা কৰিবলৈ গৈ অকালতে প্ৰাণ হেৰুৱা অতুল বৰা , দুলেশ্বৰ গগৈ আৰু গোলাপ শইকীয়াৰ স্মৃতিত দেওপানী ৰাজহুৱা ৰঙ্গমঞ্চত এখন তোৰণ নিৰ্মাণ কৰে ধনশিৰি ভেলী ৱেলফেয়াৰ ছচাইটিয়ে ৷ পুৱা শাখাৰ সভাপতি নবীন বৰাই পতাকা উত্তোলন কৰাৰ পিছতে এই স্মৃতি তোৰণ মুকলি কৰে জিলা সম্পাদক বিশ্বজ্যোতি হাজৰিকাই ৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

by Staff Reporter
July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
ADVERTISEMENT
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx