ষ্টাফ ৰিপ’ৰ্টাৰ:
অৰুণাচল সীমান্তৰ বালিচাং অঞ্চলত বিশ্বনাথ জিলাৰ পৰা বাইক স্কুটি চুৰি সেই অঞ্চলত বিক্ৰী কৰে চোৰৰ এক বৃহৎ চক্ৰই কিন্তু শেহতীয়াকৈ এই চক্ৰটোৱে চোৰ কৰা তিনিখন স্কুটীক উদ্ধাৰ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষী কলিতাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে। তেওঁলোকে তিনিখন স্কুটীসহ দুজন স্কুটি কিনা লোকক উদ্ধাৰ কৰে।
ঘটনানুসৰি, চোৰ চক্ৰই চুৰি কৰা বাইক স্কুটিবোৰ গৰাকীয়ে চিনি নোপোৱাকৈয়ে বিভিন্ন ধৰণৰ ষ্টিকাৰ লগাই বাহন সমূহক অন্য ৰূপ দি দিয়ে আৰু কম দামত বিক্ৰী কৰে।
শেহতীয়াকৈ উদ্ধাৰপ্ৰাপ্ত তিনিখন স্কুটীৰ প্ৰকৃত গৰাকী ওলোৱা নাই যদিও বালিচাং আৰক্ষীক চোৰৰ চক্ৰৰ লগতে সমগ্ৰ ঘটনাটো তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী কৰে স্থানীয় ৰাইজে।













