![]()
বোকাখাতৰ পৰা অজন্তা তালুকদাৰ
উজনি অসমৰ ভিতৰতে সৰ্বপ্ৰথমবাৰৰ বাবে এক পৰ্যাবৰণ অনুকূল বা ইক’ফ্ৰেণ্ডলি অনুষ্ঠানৰ সাক্ষী হৈ ৰ’ল বোকাখাত। এই দাবী প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত সেৱা আগবঢ়োৱা উজনি অসমৰ অন্যতম শক্তিশালী বেচৰকাৰী সংগঠন ‘গ্ৰাছ, বোকাখাত’ৰ।
প্লাষ্টিক বটলৰ বিকল্পৰূপে বাঁহৰ চুঙাত পানী ব্যৱহাৰৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হৈছে গ্ৰাছ, বোকাখাতৰ কাজিৰঙা মৌজা শাখাৰ সভাপতি চন্দন নাথৰ। এই উদ্দেশ্যে ‘গ্ৰাছ, বোকাখাত’ৰ উদ্যোগত ৩০ জানুৱাৰীত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত চন্দন নাথলৈ এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট নাট্যকাৰ-কবি-সাংবাদিক তথা ‘গ্ৰাছ’ৰ উপদেষ্টা অমৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত চন্দন নাথক এখনি ফুলাম গামোচা, স্মাৰক, সম্বৰ্দ্ধনা পত্ৰৰে গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ, সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, উপসভাপতি সঞ্জীৱ হাজৰিকা, উপদেষ্টা ফণীধৰ হাজৰিকাই সম্বৰ্দ্ধনা জনায়। লগতে নাথক একোখনিকৈ ফুলাম গামোচাৰে কেইবাগৰাকীও উপস্থিত বিশিষ্ট ব্যক্তিয়ে।
পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত প্লাষ্টিক বা আন সাংশ্লেষিক সামগ্ৰীৰ পৰিবৰ্তে বাঁহেৰে নিৰ্মিত পিয়লাৰ দৰে সৰু চুঙা আৰু কলপাত কাটি অতিথিলৈ কৰা চাহ আৰু খাদ্যৰ আপ্যায়নে অনুষ্ঠানটিক বিশেষভাৱে চৰ্চালৈ আনিলে।
অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ক্ৰমে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভবানন্দ কলিতা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আদিয়ে।
অনুষ্ঠানত অভিনন্দিত ব্যক্তি চন্দন নাথেও বক্তব্য ৰাখে। অনুষ্ঠানত আৰু বক্তব্য ৰাখে ক্ৰমে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল ম’ৰ, ফণীধৰ হাজৰিকা, অচ্যুত হাজৰিকা আদিয়ে।
অনুষ্ঠানত চন্দন নাথৰ পত্নী অমি নাথ, দুই কনমানি পুত্ৰৰ লগতে গ্ৰাছ-ৰ চাৰিওটা শাখাৰ বিষয়ববীয়া আৰু সদস্যসকল আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।
শেষত শলাগৰ শৰাই আগবঢ়ায় গ্ৰাছ, বোকাখাতৰ সম্পাদক ইন্দ্ৰেশ্বৰ বৰাই।












