![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সমগ্র ৰাজ্যখনৰ লগতে ডিফু চহৰতো আজি উলহ-মালহেৰে আহোমসকলৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী পালন কৰা হয়। কার্বি আংলং তাই আহোম কালছাৰেল ছ’চাইটিৰ উদ্যোগত ডিফুৰ ধৰমনলাস্থিত ছ্যুকাফা ভৱনত কালিৰে পৰা দুদিনীয়া কার্যসূচীৰে এই উৎসৱ পালন কৰা হয়। ছ’চাইটিৰ সভাপতি দেৱ কুমাৰ গগৈয়ে পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে বিয়লি আহোমসকলৰ পৰম্পৰাগত পূজা আগবঢ়োবা হয়।

আজি পুৱা মৈদাম তৰ্পণেৰে কার্যসূচীৰ শুভাৰম্ভ হোৱাৰ পিছত আহোমসকলৰ পৰম্পৰাগত বিধি-বিধানৰ মাজেৰে মে-ডাম-মে-ফীৰ কার্যসূচী সম্পন্ন কৰা হয়। পাটসাঁকোৰ পৰা অহা কেইবাগৰাকী মলুঙে আজি মে-ডাম-মে-ফীৰসকলো মাংগলিক কাম-কাজ সম্পন্ন কৰে।

মে-ডাম-মে-ফীৰ কার্যসূচীক লৈ ডিফু নগৰৰ আহোম সম্প্রদায়ৰ লোকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰাৰ লগতে মে-ডাম-মে-ফীৰ জৰিয়তে সমাজৰ সকলো অপায়-অমংগল দুৰ হ’ব বুলি সকলোৰে আশা প্রকাশ কৰে। আজিৰ কাৰ্যসূচীত কাৰবি আংলং তাই আহোম কালচাৰেল ছ’চাইটিৰ ক্ৰমে, সভাপতি চাও দেৱ কুমাৰ গগৈ, কাৰ্যকৰী সভাপতি চাও প্ৰিয়ৰাম দিহিঙ্গীয়া, সম্পাদক চাও দীন গগৈ উপস্থিত থাকে ৷












