![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া কার্বি নৱবৰ্ষৰ প্রাকক্ষণত আজি নিচেই পুৱাৰ ভাগত ডিফুৰ হোৱাইট ড’ভ ছ’চাইটীৰ উদ্যোগত ডিফুৰ সমীপৱতী বিৰলাৰ পৰা মাঞ্জা তথা পুনৰ মাঞ্জাৰ পৰা বিৰলালৈকে এক হাফ মাৰাথন প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।

সুস্বাস্থ্য আৰু শান্তি সম্প্রীতিৰ বাবে খৰছিং ক্র’, কাৰেং টেৰণপী আৰু কাৰে হাঞ্চেপীৰ সোঁৱৰণত উলিওৱা এই হাফ-মাৰাথন প্রতিযোগিতাত এলেকাটোৰ ভালেসংখ্যক যুৱক-যুবতীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাটিৰ ফ্লেগ অফ কৰে জিলা ক্ৰীড়া কল্যাণ পৰিষদৰ অধ্যক্ষ ফেনপিগা ৰেংমা আৰু এভাৰেষ্ট বিজয়ী খৰছিং তেৰাঙে ৷

প্রতিযোগিতাত পুৰুষৰ শাখাত ক্রমে বিজয় ডেকা বিপুল সৎনামী আৰু ৰবীন দাসে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত ক্রমে মকাক মায়ুম, মার্টিনা মাৰাক আৰু চাংমিৰ টেৰণপীয়ে প্রথম তিনিটা শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হয়।













