![]()
ছাইদুল ইছলাম:
ডিফু : যোবা ২৭ জানুৱাৰীৰ নিশা ডিমাচাসকলৰ জাতীয় উৎসৱ বিচুডিমা চলি থকা অবস্থাতে উৎসৱস্থলীতে ডি এইছ ডিৰ প্রাক্তন নেতা তথা বিশিষ্ট সমাজকৰ্মী অমিত নুনিচা আৰু আলতা মাইবংচা নামৰ এগৰাকী মহিলাক অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল।
এই ঘটনাত আশীষ, ফংলোছা নামৰ এজন যুৱকো আঘাতপ্ৰাপ্ত হৈছিল আজি জিলাখনৰ বিডিন্ন দল সংগঠনে ধনশিৰি উচ্চতৰ মাধামিক বিদ্যালয়ৰ খেলপথাৰত এখন শান্তিসভা অনুষ্ঠিত কৰে।
ইয়াৰ পূৰ্বে স্থলীৰ পৰা ধনশৰি নগৰৰ মাজেৰে এক বিশাল শান্তি সমদল বহিৰ কৰা হয়। আজিৰ এই সভাত এ পি এইচ এল চিৰ নেতা তথা প্ৰাক্তন প্রশাসনিক বিষয়া জে আইকাথাৰ, ডিএইচ ডিৰ খওন অধাক্ষ দিলীপ নুনিচাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
প্ৰায় দুইসহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা এই শান্তি সভাত মূলত অমিত নুনিচাৰ ব্যক্তিত্ব আৰু কর্মৰাজিৰ ওপৰত সকলোৱে আলোকপাত কৰে। জে আইকাথাৰে এনে পৱিত্ৰ দিনত এনে নেতাক হত্য কৰা ঘটনাৰ তীব্ৰ নিন্দা কৰে। লগতে তেওঁ এনে ঘটনা ভৱিষ্যতে সংঘটিত নকৰিবলৈ সকলোকে আহ্বান জনায় ।
ইয়াৰোপৰি অঞ্চলটোৰটোৰ এম এ চি তথা পৰিষদৰ কার্যবাহী সদস্য প্রদীপ ডিফুচাই এই সডাত উপস্থিত নথকাত তেওঁ তীব্ৰ ক্ষোভ উজৰে। তেওঁ কয় যে, পৰিষদে এইক্ষেত্ৰত আগভাগ ল’ব লাগিছিল। এজন নির্বাচিত জনপ্ৰতিতিনিধিয়ে এনে সভাত উপস্থিত নথকাটোৱে সমাজলৈ শুভ বাৰ্তা বহন কৰা নাই বুলি কয় ৷
আনহাতে, দিলীপ নুনিচাই এনে হত্যাকাণ্ড কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি কয় নুনিচাই অমিত নুনিচাৰ স্মৃতি সোঁৱৰণ কৰি কয় যে, ধনশিৰি অঞ্চলৰ প্ৰতিটো অনুষ্ঠান প্রতিষ্ঠান গঠনৰ ক্ষেত্ৰত অমিত নুনিচাই আগভাগ লৈছিল।
ধনশিৰিত মেট্ৰিকৰ চেণ্টাৰৰ পৰা কলেজৰ চেণ্টাৰলৈকেসকলে প্রতিষ্ঠা কৰাৰ ক্ষেত্রত অমিতে অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল। গতিকে, এনে এজন ব্যক্তিৰ মৃত্যু সমাজৰ বাবে বৃহৎ ক্ষতি লগতে সন্দেহ প্ৰকাশ কৰে যে নগা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে নুনিচাই ভূমি অধিগ্ৰহণকে ধৰি বিভিন্ন ক্ষেত্রত বাধাৰ প্ৰাচীৰ ৰূপে থিয় দি আহিছিল। হয়তো এয়া এই হত্যাকাণ্ডৰ অন্যতম কাৰণ হ’ব পাৰে ৷












