![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : প্ৰতিবছৰৰ দৰে এই বছৰো কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কাৰবি সকলৰ শুভ নৱবৰ্ষ ‘নিংকান কিমি’ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ কাউঞ্চিল কলনিত উদযাপন কৰা হয় ৷ এই উদ্দেশ্যে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব এছ কে দাসে শান্তিৰ এযোৰ কপৌ চৰাই উৰাই কাৰবি শুভ নৱবৰ্ষ ‘নিংকান কিমি’ৰ শুভাৰম্ভ কৰে ৷

আনহাতে কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পিছত জনজাতীয় লোকগীত সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ মাজত আকষ্মিক বক্তৃতা আৰু বিভিন্ন জনজাতিৰ পৰাম্পৰাগত নৃত্য অনুষ্ঠিত কৰা হয় ৷ বিভিন্ন জনগোষ্ঠীৰ পৰাম্পৰাগত নৃত্যই উপস্থিত দৰ্শকসকলক আপ্লুত কৰে ৷
উল্লেখযোগ্য কাৰ্বি শব্দ ‘থাংথাং’ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ। কাৰ্বি সমাজত এই থাংথাং মাহ হৈছে বছৰৰ আৰম্ভণি আৰু নতুন বছৰৰ আদৰণি। কাৰ্বিসকলে জাতীয় জীৱনত ফেব্ৰুৱাৰী মাহটোক বছৰৰ প্ৰথম মাহ বুলি গণ্য কৰি আহিছে। কাৰ্বি জনগোষ্ঠী মূলতঃ কৃষিজীৱি। ইয়াৰ কৃষিকৰ্ম জুমতলী কেন্দ্ৰিক। কৃষিজীৱি কাৰ্বিসকলে সচৰাচৰ জুম পদ্ধতিৰে খেতি কৰে। এই জুমখেতিৰ বাবে ঠাই নিৰ্বাচন কৰা মাহ হৈছে ‘থাংথাং’ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ । কাৰ্বি জনজীৱনত এই ‘থাংথাং’ মাহৰ তাৎপৰ্য আছে।

কৃষিজীৱি কাৰ্বিসকলে জুম প্ৰথাৰে এডোখৰ মাটিত কেইবছৰমান খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পাই অহাৰ ফলস্বৰূপে খেতিৰ বাবে নতুন মাটিৰ সন্ধানত অন্য ঠাইলৈ যাবলগীয়া হয়। কাৰ্বি লোক পৰম্পৰাত ইয়াক ‘থাং থাং ৰিত লাং’ অৰ্থাৎ জুমখেতিৰ বাবে মাটি নিৰ্বাচনৰ মাহ ‘থাংথাং’ ( ফেব্ৰুৱাৰী) বুলি বিশ্বাস কৰা হয়। সাংবাদিকৰে সৈতে হোৱা বৰ্তালাপত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান এছ কে দাসে সাংবাদিকৰ আগত সমগ্ৰ কাৰবি আংলঙবাসী ৰাইজক শুভ নৱবৰ্ষৰ প্ৰাকক্ষণত হিয়া ভৰা আৰু শুভেশ্চা জ্ঞাপন কৰাৰ লগতে শুভ নৱবৰ্ষ ‘নিংকান কিমিৰ মাজতে পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ মাজত ভাতৃত্ব আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ বাবে কামনা কৰে ৷












