![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি নৱবর্ষৰ প্রথম দিনটোতে আজি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি ডিফুৰ সমীপৱর্তী তাৰালাংছত ২৬৪টা পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে। তাৰালাংছৰ পিপলছ হলৰ চিংমিৰজেং আচেতাইত এই উদ্দেশ্যে আয়োজিত এক সভাত মুখ্য কার্যবাহীগৰাকীয়ে ভূমি পট্টাসমূহ বিতৰণ কৰে। ভূমি পট্টা বিতৰণ কৰি সাংবাদিকৰ হোৱা বার্তালাপত মুখ্য কার্যবাহীগৰাকীয়ে আজি তাৰালাংছৰ লগতে লাংমিলি আৰু বৰলাংফেৰকে ধৰি আজিৰ দিনটোতে কমেও এহাজাৰতকৈ অধিক ভূমিৰ পট্টা বিতৰণ কৰা হ’ব বুলি সদৰি কৰে।

বিশেষকৈ কার্বি সম্প্রদায়ৰ লোকসকলে মাটিৰ পট্টাৰ বাবে ৰাজহ কার্যালয়লৈ নোযোৱাৰ বাবে জিলাখনৰ বিভিন্ন স্থানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বিনামূলীয়াকে মাটিৰ পট্টা বিতৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি তুলিৰাম ৰংহাঙে কয়। বিজেপি চৰকাৰৰ শাসনত যোৱা তিনিটা বছৰত কার্বি আংলঙত কমেও ২.৭৫ লাখ লোকৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হোৱা বুলি মুখ্য কার্যবাহীগৰাকীয়ে লগতে কয়। আজিৰ এই অনুষ্ঠানত পৰিষদৰ ৰাজহ বিভাগৰ কার্যবাহী সদস্য অমৰছিং তিচ, কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিং ক্র, ৰাজহ বিভাগৰ কেইবাগৰাকী বিষয়া আৰু পবিষদৰ কার্যবাহী সদস্য, পৰিষদীয় সদস্য উপস্থিত থাকে।












