![]()
নগাঁও : মধ্য অসমৰ গুৰুত্বপূৰ্ণ চহৰ হিচাপে বিবেচিত নগাঁও চহৰৰ মাজ মজিয়াত নিৰ্মাণ কৰা হৈছে এটি ক্লক টাৱাৰ। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাত ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ সমীপৰ পুৰণি ৩৬নং আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী চাৰিআলিত আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই ক্লক টাৱাৰটো। নিশা ৰঙীন আলোকসজ্জাৰে চমক সৃষ্টি কৰা ক্লক টাৱাৰটোৱে নগাঁও চহৰৰ সৌন্দর্য বৰ্ধনত এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব বুলি বিধায়ক ৰূপক শৰ্মাই আশা প্ৰকাশ কৰে ।
আনহাতে নগাঁও চহৰৰ সৌন্দর্য বৰ্ধনৰ বাবে নিৰ্মাণ কৰা ক্লক টাৱাৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাত সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও চহৰক জাকতজিলিকা চহৰ হিচাপে গঢ়ি তুলিবৰ বাবে যৎপৰোনস্তি চেষ্টা চলাই অহা হৈছে। নগাঁও চহৰৰ বাট, পথ, নলা, নৰ্দমা খোৱাপানী যোগান আদি প্ৰয়োজনীয় ব্যৱস্থাসমূহ ন-ৰূপত নিৰ্মাণ কৰাৰ সমান্তৰালকৈ ঐতিহ্যমণ্ডিত চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰতো মনোনিবেশ কৰি আহিছো।

ইয়াৰে অংশ হিচাবে নগাঁও মহাবিদ্যালয় চাৰিআলিত এটি ক্লক টাৱাৰো নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া বিত্তমন্ত্রী ড: হিমন্তবিশ্ব শৰ্মাই ‘আমাৰ নগাঁও আমাৰ গৌৰৱ’ বাক্য শাৰী খোদিত কৰা ক্লক টাৱাৰটোৰ শুভ উদ্বোধন কৰিব। উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাইও অংশগ্ৰহণ কৰিব।
ইপিনে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰা চাইকেল ৰেলী অহা ৩ ফেব্ৰুৱাৰীত নগাঁও সদৰ সমষ্টিত অনুষ্ঠিত কৰিব। পুৱা ১০ বজাত নগাঁও চহৰৰ নেহৰুবালিৰ পৰা যাত্ৰা আৰম্ভ হ’ব লগা চাইকেল ৰেলীটোৱে সদৰ সমষ্টিৰ অন্তৰ্গত ডাকৰঘাট, দক্ষিণপাট হৈ পাখিমৰীয়া মৌজাৰ আটাইকেইটা পঞ্চায়তত পৰিভ্ৰমণ কৰিব। নগাঁও জিলা বিজেপিৰ সূত্ৰৰ পৰা জানিব পৰা মতে মন্ত্ৰী ড: শৰ্মাই উক্ত দিনা সৰ্বমুঠ ২৫ কিলোমিটাৰ পথ চাইকেলৰে যাত্ৰা কৰিব। মন্ত্ৰীগৰাকীয়ে ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া চহৰখনৰ নগাঁও ছোৱালী মহাবিদ্যালয়ত নিৰ্মাণ হবলগীয়া এটি ছাত্ৰী নিবাসৰ আধাৰশিলাও স্হাপন কৰাৰ লগতে নগাঁও বঙ্গালী সন্মিলনীত অনুষ্ঠিত এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।আনহাতে উক্ত দিনা পুৱা ভাগত মন্ত্ৰীগৰাকীয়ে বেবেজীয়া পঞ্চায়তৰ বিৰহ বেবেজীয়া -শেনছোৱা সংযোগী গড়কাপ্তানী পথটোৰ আধাৰশিলা স্হাপন কৰিব বুলি জানিব পৰা গৈছে।













