![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : পাৰ্বত্য জিলা কাৰবি আংলঙৰ জনতাৰ দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণ কৰি আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিফু চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম শিক্ষাবৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে।
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা, পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাং, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বেৰ লগতে হাজাৰ হাজাৰ লোক এই ঐতিহাসিক ক্ষণত উপস্থিত থাকে।
চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথমটো শিক্ষাবৰ্ষত মুঠ ১০০গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্র-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰভূত উন্নয়নৰ কথা উল্লেখ কৰি ডিফু চিকিৎসা মহাবিদ্যালয়ে পাহাৰ-ভৈয়ামৰ সাকো হিচাপে বিবেচিত হোৱা বুলি কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰাই ১০খন অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুকলি কৰে ৬খনকৈ আঁচনি।
মুখ্য মন্ত্ৰীৰ নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি দেশৰ চিকিৎসা বিজ্ঞানত নাম উজ্বলাই তুলিবলৈ আহ্বান জনায়।ডিফু চিকিৎসা মহাবিদ্যালয়ে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো দেশৰ চিকিৎসা খণ্ডত গৌৰৱেৰে সংযোজিত হ’বলৈ সক্ষম হৈছে।
আনহাতে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী স্বাস্থ্য আৰু বিত্ত মন্ত্ৰীয়ে আজিৰ বৰ্ণাঢ্য অনুষ্ঠানত উপস্থিত থাকি ডিফু চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ হোৱা কণ্টকময় যাত্ৰা আৰু নিৰন্তৰ প্ৰয়াসৰ ফলত অৱশেষত চিকিৎসা মহাবিদ্যালয়খন হৈ উঠিল ৷
অৰ্থাৎ বহু ঘাত-প্ৰতিঘাত আৰু প্ৰত্যাহ্বানৰ অন্তত হৈ উঠিল চিকিৎসা মহাবিদ্যালয়খন কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত জিলাখনৰ চমকপ্ৰদ পৰিৱৰ্তন আৰু উন্নয়ণ সাধন হোৱা বুলি মন্তব্য কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়ণৰ তথ্যসহ বিৱৰণ দাঙি ধৰে ৷
উল্লেখযোগ্য যে, ২০১১ চনত তদানীন্তন স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই পাৰ্বত্য চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল যদিও চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজত এক প্ৰকাৰ যতি চিহ্ন আহি পৰিছিল ৷
যদিও বিজেপিৰ শাসন কালত পুনৰবাৰ স্বাস্থ্য মন্ত্ৰীৰ পদ লাভ কৰা মন্ত্ৰী শৰ্মাই চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজ ক্ষীপ্ৰতাৰে আগবঢ়াই ২০১৯ চনৰ নৱেম্বৰত চিকিৎসা মহাবিদ্যালয়খনৰ বহিঃৰ্বিভাগক মুকলি কৰিবলৈ সক্ষম হয় ৷
অৱশেষত আজি সেই ঐতিহাসিক ক্ষণটো ঘূৰি আহিল আৰু আজি আনুষ্ঠানিকভাৱে ১০০গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীকলৈ আনুষ্ঠানিকভাবে শৈক্ষিক পাঠদানৰ শুভাৰম্ভ কৰা হ’ল ৷












