![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : এসময়ত সন্ত্ৰাসবাদে পিছ নেৰা এখন জিলা কাৰ্বি আংলং। ক্ৰমাৎ শান্ত হৈছে সন্ত্ৰাসজৰ্জৰ কাৰ্বি আংলং । এসময়ত কাৰ্বি জনগোষ্ঠীৰ উন্নয়নৰ বাবে পাহাৰীয়া জিলাখনৰ বহু যুৱকে বাছি লৈছিল সশস্ত্ৰ সংগ্ৰামৰ পথ ।
এতিয়া বৰ্তমান প্ৰায়বোৰ উগ্ৰপন্থী সংগঠনে মূল সুঁতিলৈ ঘূৰি অহা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত পাহাৰীয়া জিলাখন পুনৰ শান্ত হৈ পৰিছে। তাৰে মাজৰে ৮ বছৰ পূৰ্বে গঠন হোৱা উগ্ৰপন্থী সংগঠন UPLA (United peoples liberation army) যুদ্ধ বিৰতি গোটৰ আজি প্রতিষ্ঠা দিৱস ।
এই প্ৰতিষ্ঠা দিৱস উপলক্ষে বোকাজানৰ বালিপথাৰতস্থিত UPLAৰ অস্থায়ী শিবিৰত প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে অস্থায়ী শিবিৰত পুৱাই পতাকা উত্তোলন কৰে UPLAৰ অধ্যক্ষ চৰ্জন ল-এহয়ে আৰু শ্বহীদ তৰ্পণ কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক সংকীম এঞ্জাই আৰু উপাধ্যক্ষ ৰকম টেৰাঙে ।
তাৰ পিছতেই সংগঠনটোৰ কেডাৰসকলে শিবিৰৰ ভিতৰতে পেৰেড কৰা দেখিবলৈ পোৱা গ’ল। সংবাদ মাধ্যমক জনোৱা অনুসৰি কেন্দ্ৰীয়, ৰাজ্য আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সৈতে আলোচনাত মিলিত হৈছে সংগঠনটো আৰু অতি সোনকালেই চুক্তি স্বাক্ষৰ হোৱাৰ পথত বুলি জানিবলৈ দিয়ে সংগঠনটোৰ বিষয়ববীয়াসকলে।












