ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সোমবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠদানৰ শুভাৰম্ভনি কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ অহা শতাধিক লোকৰ খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে ৷
এইলৈ সমগ্ৰ কাৰবি আংলঙত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ গভীৰ নিশালৈকে ডিফু চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ আৰ্তনাদ৷ দিনৰ ভাগত চিকিৎসা মহাবিদ্যালয়খনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুণাৰ পিছত আয়োজকে পৰিবেশন কৰা পেকেট বিৰিয়ানী খাই অসুস্থ হৈ পৰিছিল শতাধিক লোক ৷
নিশা চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ সুমিত্ৰা হেগজেৰৰ নেতৃত্বত চিকিৎসা কৰ্মী সকলে অতি তৎপৰতাৰে ৰোগী সকলক চিকিৎসা প্ৰদান কৰা পৰিলক্ষিত হয় ৷ ৰোগী সকলে ঘনাই বমি আৰু শৌচ কৰাৰ লগত তীব্ৰ পেটৰ বিষত ভোগাও দেখা যায় ৷
নিশা চিকিৎসা মহাবিদ্যালয়খনত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা উপস্থিত হৈ ৰোগী সকলৰ বুজ লয় ৷ তেও সাংবাদিক সকলক জনোৱা অনুসৰি প্ৰায় শতাধিক ৰোগী এই বিষ ক্ৰিয়াত আক্ৰান্ত হৈছে ৷ইয়াৰ ভিতৰত কুৰিৰো অধিক শিশু ৰোগী আছে ৷
কোনে এই বিষাক্ত খাদ্য পৰিবেশন কৰিছিল জানিব পৰা হোৱা নাই যদিও উপায়ুক্ত গৰাকীয়ে এইলৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব বুলি জনাইছে











