![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৰ্তৃপক্ষই যোগান ধৰা বিষাক্ত পেকেট লাঞ্চ খাই গুৰুতৰ বাবে অসুস্থ হৈ পৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইয়াৰে একাংশ সুস্থ হৈ ঘৰলৈও উভতি গৈছে৷ এই সন্দৰ্ভত আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু ৰাজ্য চৰকাৰৰ পাৰ্বত্য উন্নয়ণ আৰু খনিজ মন্ত্ৰী ছুম ৰংহাঙ চিকিৎসালয়ত উপস্থিত হৈ আক্ৰান্তসকল স্বাস্থ্যৰ বুজ লয় আৰু এই সন্দৰ্ভত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায়৷ কংগ্রেছ দলৰ কেইবাগৰাকী শীর্ষ নেতায়ো আজি চিকিৎসালয়ত উপস্থিত হৈ আক্রান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এনে ঘটনাৰ তাৎক্ষণিক তদন্তৰ দাবী জনাইছে।
বকলীয়াঘাটত এজনৰ মৃত্যু : বকলীয়াঘাট প্রাথমিক চিকিৎসালয় কর্তৃপক্ষই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি আজি পুৱাৰে পৰা বিয়লি পর্যন্ত মুঠ ৩৫ জন বিষক্রিয়াত আক্রান্ত লোক চিকিৎসালয়ত ভর্তি হৈছে। ইয়াৰে দুটি শিশুৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰা হয়।

আনহাতে, বিষক্রিয়াত আক্রান্ত অন্য লোকসকলকো ইতিমধ্যে ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে যদিও দুজন লোক এতিয়াও চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা বুলি চিকিৎসালয় কর্তৃপক্ষই জানিবলৈ দিছে।
আনহাতে, কালি উক্ত সভাত অংশগ্রহণ কৰি ঘৰলৈ ওভতি অহাৰ পিছত যোৱা নিশা অকস্মাতে এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্রাপ্ত তথ্য অনুসৰি, বকলীয়াঘাটৰ তেতেলীগুৰিৰ বাসিন্দা কাংবুৰা বে (৩৫) নামৰ লোকজন বিজেপি দলৰ পৃষ্ঠপ্রমূখ হিচাপে দলৰ তৃণমূল পর্যায়ৰ কাম-কাজৰ সৈতে জড়িত আছিল। কালি ডিফুত অনুষ্ঠিত হোৱাৰ সভাত অংশ লৈ সন্ধিয়া ঘৰলৈ ওভতি অহাৰ পিছতে যুৱকজন গুৰুতৰভাবে অসুস্থ হৈ পৰে। নিশাৰ ভাগলৈ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছত নিশাই যুৱকজনৰ মৃত্যু হয়। শাৰীৰিকভাৱে সম্পূর্ণ সৱল-সুঠাম যুবকজনৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই স্থানীয় লোকসকলক স্তম্তিত কৰি তোলাৰ লগতে খাদ্যত হোৱা বিষক্রিয়াৰ ফলতে যুৱকজনৰ এনেদৰে মৃত্যু হোৱা বুলি পৰিয়ালব লোকে দাবী কৰিছে। তদন্তত হে সকলো কথা পোহৰলৈ আহিব ৷ বকলীয়াঘাট থানাৰ আৰক্ষীৰ এটা দল লগে লগে যুৱকজনৰ ঘৰত উপস্থিত হৈ মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফুলৈ প্রেৰণ কৰিছে।












