![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কার্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী তাৰালাংছত আজি এক বিজ্ঞান কেন্দ্র আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰা হয়। আজি দিনৰ প্রায় এঘাৰ বজাত প্রকল্পটিৰ আধাৰশিলা স্থাপন কৰা হয়। ২২.৯০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া বিলাসী প্রকল্পটোৰ আজি আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা দপ্তৰৰ মন্ত্রী কেশৱ মহন্তই।
আধাৰশিলা স্থাপন কৰি প্রদান কৰা ভাষণত মন্ত্ৰীগৰাকীয়ে বিজ্ঞান প্রযুক্তিবিদ্যাৰ উন্নয়নৰ ক্ষেত্রতে অসম দেশৰ ভিতৰতে এক অগ্রণী ৰাজ্যত পৰিনত হ’ব বুলি আশা প্রকাশ কৰে অসমৰ প্রতিখন জিলাতে পর্যায়ক্রমে এনে প্রকল্প স্থাপন কৰা হ’ব বুলি মন্তব্য কবি বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ আন্তগাঁঠনিৰ ক্ষেত্রত এনে পদক্ষেপ সমগ্র দেশৰ ভিতৰতে অসমেই প্রথমখন ৰাজ্য বুলি মন্তব্য কৰে।
অনুষ্ঠানটোত অসম চৰকাৰৰ পার্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্রী চুম ৰংহাঙ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণছিং বে’, কাৰ্বি কালছাৰেল ছ’চাইটীৰ সভাপতি চন্দ্রছিং ক্রকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।












