![]()
মাজুলীৰ যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলাখনত ‘নৱৰূপত স্বয়ম’ আঁচনিৰ শুভাৰম্ভ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে যুৱ হিতাধিকাৰীসকলক ব্যৱসায়-বাণিজ্য আৰম্ভ কৰাৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰে। লগতে, মুখ্যমন্ত্ৰীয়ে মাজুলী জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।












