![]()
নগাঁও : নগাঁও জিলাৰ ঘাঁহী মাজগাঁও নিবাসী অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া তথা সমাজসেৱক লক্ষীকান্ত শৰ্মা (৬৪)ৰ কালি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । উচ্চ ৰক্তচাপত আক্ৰান্ত শৰ্মাক পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়ে যদিও চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু ঘটে। ঘাঁহী ম’হমৰীয়া আঞ্চলিক হাইস্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক হিচাপে এসময়ত কৰ্মত যোগদান কৰা শৰ্মাই পৰৱৰ্তী সময়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
ঘাঁহী অঞ্চলৰ বিভিন্ন সমাজিক অনুষ্ঠানৰে জড়িত লক্ষীকান্ত শৰ্মা ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, ঘাঁহী ম’হমৰীয়া মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, ঘাঁহী ম’হমৰীয়া ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰাক্তন সম্পাদক, ৰাস সমিতিৰ প্ৰাক্তন সম্পাদক, সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ উপ সভাপতি, ঘাঁহী শংকৰদেৱ বিদ্যানিকেতনৰ প্ৰতিষ্ঠাপক সভাপতিকে ধৰি অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ বিভিন্ন দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল।
সদৌ অসম গ্ৰাম্য পুথিভঁড়াল সন্হাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ লক্ষীকান্ত শৰ্মা গ্ৰাম্য পুথিভঁড়াল সন্হা প্ৰতিষ্ঠাৰ লগতো জড়িত আছিল। লক্ষীকান্ত শৰ্মাৰ মৃত্যুত ঘাঁহী অঞ্চলত শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী পুত্র, এগৰাকী কন্যাসহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।













