![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকাৰ সমীপৰ লামডিং বনাঞ্চলত লংকা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনত কৰ্মৰত বনকৰ্মীৰ এটি দলে পুৱাৰ দহ বজাৰৰ পৰা চলাই আছিল নিয়মীয়া তহলদাৰী। লামডিং বনাঞ্চলত বনকৰ্মীৰ দলটোৱে নিয়মীয়া তহলদাৰী চলাই থকাৰ সময়ত লামডিং বনাঞ্চলৰেই চাংকমা টিলা অঞ্চলত, বনাঞ্চলৰ মাজত কেইজনমান কাঠ সৰবৰাহকাৰীয়ে গছ কাটি থকা অৱস্থাত বন কৰ্মীয়ে প্ৰত্যক্ষ কৰোতেই, কাঠ সৰ্বৰাহকাৰীয়ে বনকৰ্মী তহলদাৰী দলটোক লক্ষ্য কৰি গুলি চালনা কৰে। প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱেও কাঠ সৰ্বৰাহকাৰী দলটোক গুলীৰে প্ৰত্যুত্তৰ দিয়ে। গুলীয়া-গুলিৰ অন্তত: কাঠসৰ্বৰাহকাৰী দলটোৰ প্ৰায় সংখ্যক সদস্যই ঘটনাস্হলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
যদিও দুজন সৰ্বৰাহকাৰীসহ ডিজিটেল কাঠফলা মেচিন বনকৰ্মীৰ দলটোৱে জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন দুই কাঠ সৰ্বৰাহকাৰীৰ নাম ক্ৰমে মূল্যবান চাংমা আৰু সঞ্জীত চাংমা। দুয়োজনৰ ঘৰ নখুটীৰ থাদং নলা । বৰ্তমান দুয়ো চোৰাং কাঠ সৰ্বৰাহকাৰীক বনকৰ্মী দলটোৱে লংকা আঞ্চলিক বন কাৰ্য্যলয়লৈ অনাৰ লগতে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে।












