![]()
ছাইদুল ইছলাম
ডিফু : মঙলবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান শুভাৰম্ভণি কাৰ্যসূচীৰ বিৰিয়ানী পেকেট লাঞ্চ খাই ডেৰশতাধিক লোক অসুস্থ আৰু দুজনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত সমগ্ৰ ঘটনা সন্দৰ্ভত কাৰবি আংলং জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷
আজি সাংবাদিকৰ আগত এই তদন্তৰ কথা সদৰি কৰে জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই ৷ উপায়ুক্তগৰাকীয়ে জনোৱা অনুসৰি এই তদন্তৰ ভাৰ দণ্ডাধীশ পাৰ্থ সাৰথি জহ’ৰীক অৰ্পণ কৰা হ’ব ৷ তদন্তকালত দণ্ডাধীশগৰাকীজনে খাদ্যখিনি কোনে যোগান ধৰিছিল, আৰু কেনেকৈ বিষক্ৰিয়া হবলৈ পালে এই সন্দৰ্ভত তদন্ত কৰা হ’ব ৷
ইয়াৰ পিছতে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব বুলি জনায় উপায়ুক্তগৰাকীয়ে ৷ তেওঁ জনোৱা অনুসৰি বৰ্তমান প্ৰায়বোৰ ৰোগী চিকিৎসা মহাবিদ্যালয়খনৰ পৰা সুস্থ হৈ ঘৰলৈ যাবলৈ সক্ষম হৈছে ৷ আনহাতে বিৰিয়ানী ট্ৰেজেডিক কেন্দ্ৰ কৰি জিলাখনত আজিও চেঁপা উত্তেজনা বিৰাজ কৰি আছে ৷












