![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বিআংলঙৰ বৈঠালাংছ’ত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি ল’বলগা হ’ল এগৰাকী মহিলাই। মহিলাগৰাকী বৈঠালাংছ’ থানাৰ অন্তৰ্গত তামোলবাৰীৰ ৰিংকি শইকীয়া বুলি জানিব পৰা গৈছে। অভিযোগ মতে, ৰিংকি শইকীয়াক স্বামী পূৰ্ণমল শইকীয়ায়ে দীৰ্ঘদিন ধৰি মানসিক তথা শাৰিৰীক অত্যাচাৰ চলাই আহিছিল। বিশেষকৈ পূৰ্ণমলে পত্নী ৰিংকিক সকলো সময়তেই সন্দেহৰ চকুৰে চাইছিল। যাৰ বাবে তেওঁলোকৰ মাজত সঘনে কাজিয়া পেচাল হৈ আছিল । মঙলবাৰে সন্ধিয়াও তেনে এক বিষয়কলৈ দুয়োৰে মাজত সংঘাটৰ সৃষ্টি হয়।
অৱশেষত ৰিংকিয়ে ঘৰৰ ভিতৰতে নিজৰ দেহত কেৰাচিন ঢালি অগ্নিসংযোগ কৰে।স্বামী পূৰ্ণমলে সাপ হৈ সুতা আৰু বেজহৈ জাৰা মনোভাবে পত্নীক বচাবলৈ চেষ্টা কৰে যদিও ৰিংকিৰ দেহটো ইতিমধ্যে ৮০% য়ে জ্বলি গৈছিল। একে গাঁৱতে থকা ৰিংকিৰ খুড়ায়েকহতে খবৰ পাই লৰি আহি ৰিংকিক চিকিৎসাৰ বাবে GMCH লৈ নিয়ে। অৱশেষত ৰিংকিয়ে মৃত্যুৰ সৈতে হাৰ মানিলে।
আনহাতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বৈঠালাংছো আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 306 IPC ৰ অধীনত 09/2021নম্বৰত এক গোচৰ ৰুজু কৰি ইতিমধ্যে ৰিংকিৰ স্বামী পূৰ্ণমলক আটক কৰিছে।













