নিউজ ডেস্কঃ
বিজ্ঞান আৰু প্রযুক্তিৰ অগ্রগতিয়ে আমাক দৈনিক অবাক কৰি আহিছে। এইবাৰ আৰু এটি অসাধাৰণ আৱিষ্কাৰৰ কথা শুনিবলৈ পোৱা গৈছে। স্মার্টফোনৰ পিছত বজাৰলৈ আহিবলৈ আগবাঢ়িছে স্মার্ট গ্লাছ।
এপল, ছেমছাং, অপোৰ দৰে কোম্পানীবোৰে ইতিমধ্যে স্মার্ট গ্লাছ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। এই চছমাত এআৰ (Augmented Reality) প্রযুক্তি থাকিব বুলি অনুমান কৰা হৈছে। এইবাৰ একেই পথত স্মার্ট গ্লাছ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে চীনা কোম্পানী ছাওমিয়ে। অৱশ্যে আগতে জানিব লাগিব স্মার্ট গ্লাছ কি৷
এআৰ (Augmented Reality) থাকিব এই চছমাত। ভার্চুৱেল তথ্য দিব এই চছমাই। ফোনত যেনেদৰে ফটো আৰু ভিডিঅ’ পৃথকে ৰখা আৰু চোৱা যায়, এই চছমাতো তেনেকুৱাই অপচন থাকিব। ফোনৰ নোটিফিকেচনো চছমাত দেখা যাব। থাকিব নেভিগেচন। ইয়াৰ উপৰি হেডফোন অবিহনেই এই চছমাত গান-বাজনা শুনিব পোৱা যাব।
ছাওমিয়ে তেওঁলোকৰ স্মার্ট গ্লাছত ফটোথেৰাপি ফিচাৰ দিব পাৰে। যাৰ ফলত এই চছমাৰ মাধ্যমেৰে মানসিকভাবে অসুস্থ আৰু ডিপ্রেচনত ভোগা ব্যক্তিসকলৰ চিকিৎসাও সম্ভৱ হ’ব। ছাউণ্ড আৰু ভিজুৱেল, দুই ধৰণৰ ছিগনেল এই চছমাৰ মাধ্যমেৰে পঠোৱা যাব।