![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বকলীয়াঘাট আঞ্চলিক সমিতিৰ উদ্যোগত পেট্ৰ’ল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আজি বিয়লি প্ৰায় চাৰি বজাত সংগঠনটোৰ নেতা-কৰ্মীসকলে বকলীয়াঘাটৰ মূল চাৰিআলিত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তিনিটাকৈ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে লগতে ’নৰেন্দ্ৰ মোডী মূৰ্দাবাদ’, ’ ধৰ্মেন্দ্ৰ প্ৰধান মূৰ্দাবাদ’, ’সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, ’ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।













