![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ফেব্রুৱাৰী কালি সন্ধিয়াৰে পৰা ৩৬ নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত সংঘটিত হোৱা দুটাকে ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন কেইবাজন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে।

প্রাপ্ত তথ্য অনুসৰি, কালি সন্ধিয়া মাঞ্জা থানাৰ অন্তর্গত লংনিটত এখন তীব্রবেগী অল্ট’ বাহনে পথৰ দাঁতিত ৰখাই থোৱা অৱস্থাত এখন অটোৰিক্সাত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এজন লোক নিহত হয়। ঘটনাৰ বিৱৰণী অনুসৰি, ডিফুৰ ৰেলৱে কলনি নিবাসী তথা ফল-মূলৰ ব্যৱসায়ী উত্তম মজুমদাৰে কালি দুই পুত্র বিশ্বজিৎ আৰু অৰজিতক লৈ নিজৰ এএছ-০৯-১৫০৮ নম্বৰৰ অটো ৰিক্সাখনেৰে আগস্তুক সৰস্বতী পূজাৰ বাবে লংনিটৰ পৰা ফলমূল সংগ্রহৰ বাবে যায়। গোটেই দিন ধৰি ফল-মূল সংগ্রহ কৰি ঘৰলৈ ওভতাৰ সময়তে বাহনখনৰ তেল শেষ হোৱাৰ ফলত পথৰ দাঁতিত বাহনখন ৰখাই থৈ তেলৰ যোগাৰ কৰাৰ চেষ্টা কৰে । এনে সময়তে বকলীয়াঘাটৰ দিশৰ পৰা তীব্রবেগে আহি থকা এমএন-০৩-এ-২০২৫ নম্বৰৰ তীব্রবেগী এল্টখনে পথৰ দাঁতিত ৰখাই থোৱা

অটখনত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত তিনিওজন আৰোহী অতি গুৰুতৰভাবে আহত হয়। স্থানীয় লোকসকলে তৎপৰতাৰে তিনিওকে উদ্ধাৰ কৰি মাঞ্জা চিকিৎসালয়ত ভর্তি কৰায় যদিও আঘাত অতি গুৰুতৰ হোৱাব বাবে তিনিওকে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়। যদিও চিকিৎসালয়তে বিশ্বজিৎ মজুমদাৰ (১৭)ৰ মৃত্যু হয়।
আনহাতে, দুর্ঘটনাটোত অতি গুৰুতৰভাবে আহত হোৱা উত্তম মজুমদাৰৰ আনগৰাকী পুত্র অৰজিৎ মজুমদাৰৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে। দুর্ঘটিনা সংঘটিত কৰা এল্টোখনৰ চালকগৰাকীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। এই সন্দর্ভত মাঞ্জা থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে।

আনহাতে, আজি পুৱাৰ ভাগত নগাঁও জিলাৰ ৰূপহী তিনিআলিৰ জাতীয় বিদ্যা নিকেতনৰ পৰা কার্বি আংলং জিলাৰ শিলনীজানলৈ শিক্ষামূলক ভ্রমণৰ বাবে আহি থকা অরস্থাত বকলীয়াঘাট থানাৰ অণর্গত তিচম গাঁৱত এখন যাত্রাবাহী বাছে বিপৰীত দিশৰ পৰা আহি থকা এখন নিচান ৰেডিগ’ বাহনৰ সন্মুখৰ পৰা প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দুর্ঘটনাতো সংঘটিত হয়। দুর্ঘটনাটোত ৰেডিগ’ বাহনখন চুচুর্মে হোৱাৰ লগতে বাহনখনত থকা মহিলা যাত্রীকে ধৰি কেইবাজনো লোক কম-বেছি পৰিমাণে আহত হয়।













