![]()
ছাইদুল ইছলাম
ডিফু : সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি সামান্য পলকৈ হ’লেও অসম গাঁওৰক্ষী বাহিনীৰ ৭২ সংখ্যক অভিৱৰ্তনখন আজি পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হৈ যায় ৷ কাৰবি আংলং জিলা আৰক্ষীৰ উদ্যোগত আৰু গাঁওৰক্ষী সন্থাৰ সহযোগত আজি ডিফুৰ মাটিপুংস্থিত আৰবৰেটাম আৰু ক্ৰাফ্ট চেন্টাৰৰ সভা কক্ষত সভাখন অনুষ্ঠিত হয় ৷
গাঁওৰক্ষী বাহিনীৰ বোকাজান থানা উপদেষ্টা মণ্ডলীৰ সভাপতি অম্বেশ্বৰ চেতিয়া ফুকনে পৌৰোহিত্য কৰা সভাখনৰ উদ্দেশ্য ৰাখ্যা কৰে চক্ৰ সংগঠক শান্তনু বে’ই ৷ মুখ্য অতিথি হিচাপে উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে নিজৰ ভাষণ প্ৰসংগত সমাজৰ সমাজৰ অপৰাধমূলক কাৰ্য প্ৰতিৰোধ কৰাত গাওঁৰক্ষী বাহিনীৰ ভূমিকা অতুলনীয় ৷ সামাজিক ব্যাধি, অপৰাধ মূলক কাৰ্য, গাঁওখনলৈ অহা নতুন মানুহৰ পৰিচয় জানিবলৈ চেষ্টা কৰাৰ লগতে সমাজৰ বিভিন্ন সমস্যাসমূহ ধৰা পেলাই নিবাৰণৰ ব্যৱস্থা কৰাই গাঁওৰক্ষী বাহিনীৰ কাম ৷ আহিবলগীয়া নিৰ্বাচনতো জ্যেষ্ঠ ভোটাৰ আৰু দিব্যাংগসকলকো ভোটাধিকাৰ সাব্যস্থ কৰিবলৈ নিৰ্বাচনী আয়োগৰ নিৰ্দেশানুযায়ী কাম কৰিবলৈ আহ্বান জনায় ৷

ইয়াৰোপৰি হাওৰাঘাট, বোকাজান, ডকমকা আৰু ডিফুৰ পৰা অংশগ্ৰহণ কৰা উপদেষ্টা অবৈতনিক উপ-উপদেষ্টা আৰু চক্ৰ সংগঠকসকলেও অভিৱৰ্তনত বহুমূলীয়া ভাষণ প্ৰদান কৰি গাওঁৰক্ষী বাহিনীৰ বিভিন্ন সমস্যাসমূহৰ ওপৰত আলোকপাত কৰে ৷ কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত গাওঁৰক্ষী সংগঠনৰ পতাকা উত্তোলন আৰু গাঁওৰক্ষী বাহিনীৰ পিতৃ পুৰুয় হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলী আৰু মাল্যাৰ্পন কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল
বৰুৱাই ৷
ইয়াৰোপৰি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা আৰু জিলা আৰক্ষী উপাধ্যক্ষ নাহিদ কৰিশ্মাৰ নেতৃত্বত ডিফু গাওঁৰক্ষী বাহিনীৰ এক সমদলো বাহিৰ কৰা হয় ৷












