![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত তাৰালাংছ ক’ৰাজী বে’ গাঁৱত দেওবাৰে নিশা এক পাশৱিক হত্যাকাণ্ড সংঘটিত হয়৷ বাৰেলং গাঁৱৰ মনছিং ৰংপিয়ে ক’ৰাছী বে’ গাঁৱৰ এগৰাকী মহিলাক দেওবাৰে নিশা অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত একাংশ গঞাঁই মনছিঙক এখন খেল পথাৰৰ গল পোষ্টত বান্ধি লৈ ৰড-লাঠিৰে প্ৰহাৰ কৰাৰ ফলত ঘটনাস্থলিতে মনছিঙৰ মৃত্যু ঘটে ৷ গণপ্ৰহাৰত মৃত্যু হোৱা মনছিঙ ৰংপি মৃতদেহ পুৱা গাঁওৱাসীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীয়ে পুৱাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাৱে ডিফুলৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি ক’ৰাছী বে’ গাঁৱত মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰিছে ৷ অমানৱীয়ভাৱে গণ প্ৰহাৰত মৃত্যু হোৱা এনে ঘটনাই সমগ্ৰ বকলীয়াঘাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই সন্দৰ্ভত বকলীয়াঘাট আৰক্ষীয়ে ৯/২০২১ নম্বৰত এক গোছৰ ৰুজু দি ৬জন লোকক আটক কৰিছে ৷












