নিউজ ডেক্স:
এই প্রথমবাৰ মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে কথা পাতিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । সোমবাৰে ৰাতি প্রধানমন্ত্রীয়ে নিজেই টুইট যোগে সেই কথা প্ৰকাশ কৰে। ইয়াৰ আগতে বাইডেনক নির্বাচনৰ পিছত টুইট যোগে অভিনন্দন জনাইছিল মোদীয়ে। কিন্তু ইয়াৰ পূৰ্বে ইয়াতকৈ অধিক কথা-বতৰা হোৱা নাই তেওঁলোকৰ।
নৰেন্দ্র মোদীয়ে টুইট যোগে জনাইছে যে, আন্তর্জাতিক বিষয়ক লৈ কথা হৈছে তেওঁলোকৰ মাজত আৰু লগতে কয় যে জো বাইডেন আৰু মোদীয়ে নিয়ম-মাফিক আন্তর্জাতিক সম্পর্কক দৃঢ় কৰিবলৈ প্রতিশ্রুতিবদ্ধ। ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু নিৰাপত্তা বজায় ৰখা আৰু দুইদেশৰ মাজৰ কৌশলগত সম্পর্ক অধিক মজবুত কৰিবলৈ প্রতিজ্ঞাবদ্ধ হৈছে তেওঁলোক।
তদুপৰি মোদীয়ে কয়, ‘বাইডেনৰ সাফল্যৰ বাবে শুভেচ্ছা জনাইছো। আমাৰ ৰাষ্ট্ৰীয় সমস্যা আৰু আমাৰ যৌথ প্রাধান্যৰ বিষয়ে কথা পাতিছো। আমি জলবায়ু পৰিবর্তনক লৈ এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আৰু আগবাঢ়ি যাবলৈ সহমত প্ৰকাশ কৰিছো’। ’
অর্থাৎ দুই দেশৰ সম্পর্ক যেন অধিক দৃঢ় আৰু মধুৰ হয় সেই বিষয়ে লক্ষ্য ৰাখি আগবাঢ়িছে প্রধানমন্ত্রী নৰেন্দ্র মোদী।










