![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত অব্যাহত আছে বন মাফিয়াৰ তাণ্ডৱ। মেঘালয়ৰ বন মাফিয়াই সেউজ কাৰ্বি পাহাৰ ধ্বংস কৰি নিতৌ চলাই আহিছে বনজ সম্পদ ধ্বংস যজ্ঞ। ইয়াৰ মাজতে মঙ্গলবাৰে পুৱতি নিশা খেৰণি বন বিভাগৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত অসম-মেঘালয়ৰ সীমান্তৰ মুক্ৰ অঞ্চলত অভিযান চলাই মেঘালয় অভিমুখী ML-04-7795 নম্বৰৰ কুণ্ডা ভৰ্তি এখন ট্ৰাক জব্দ কৰে।
ইপিনে, বন বিভাগৰ অভিযানৰ উমান পাই মেঘালয়ৰ বনজ সম্পদ লুণ্ঠনকাৰী দলটোৱে সেই স্থানৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত খেৰণি বন বিভাগে জব্দকৃত কুণ্ডাভৰ্তি গাড়ীখন খেৰণি বনাঞ্চলিক কাৰ্যালয়ত আনি পুৱাৰে পৰা বন কৰ্মী-বিষয়াৰ এটি দলে তদন্ত অব্যাহত ৰাখিছে৷












