![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ অন্যান্য বিধানসভা সমষ্টিৰ লগতে পাৰ্বত্য জিলা পশ্চিম কৰ্বিআংলঙটো বিভিন্ন দল সমূহে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ । শাসকীয় বিজেপি দলৰ উপৰিও বিৰুধী দল কংগ্ৰেছেও ৰচিবলৈ আৰম্ভ কৰিছে ৰনকৌশল।
শাসনৰ গাদীৰ পৰা বিজেপিক আঁতৰাবলৈ ককালত টঙালি বান্ধিছে কংগ্ৰেছ দলে। জিলাখনৰ একমাত্ৰ বিধানসভা সমষ্টি বৈঠালাংছ’ সমষ্টিৰ অন্তৰ্গত ডংকামোকামত আজি জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ “বুথ সংকল্প শিবিৰ”। পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰা শিবিৰটিৰ সভাপতিত্ব কৰে জিলা কংগ্ৰেছৰ সভাপতি চাৰ্থে ক্ৰামছায়ে । মুখ্য প্ৰশিক্ষক হিচাপে AICCৰ সম্পাদক অশ্বিনী শ্বাহু, সন্মানীয় অতিথি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ডা: দূৰ্লভ চমুৱা, কাৰ্বিপৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য চিং চেৰনৰ লগতে বহু কেইজন কংগ্ৰেছ নেতা উপস্থিত থাকে। মধ্যপ্ৰদেশৰ পৰা আহি শিৱিৰত অংশগ্ৰহণ কৰি শ্বাহুয়ে কৰ্মীসকলক আগন্তুক বিধানসভা নিৰ্বাচনী যুঁজত নমাৰ বিভিন্ন ৰনকৌশলৰ বিষয়ে অবগত কৰে।
আনফালে APCC ৰ সম্পাদক ডা: দুৰ্লভ চমুৱায়ে ভাষণ প্ৰসংগত কয় যে, “এইবাৰ কংগ্ৰেছ চৰকাৰ আহিলে,প্ৰথমে কাৰ্বিআংলঙৰ দুৰ্নীতিৰ তদন্ত, তাৰ পাছত ভাৰতীয় সংবিধানৰ ২৪৪(ক) ৰূপায়ণৰ লগতে অসম-মেঘালয়ৰ সীমান্তৰ সমস্যাসমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব।”













