নিউজ ডেক্স:
পিতৃৰ ইচ্ছা পূৰণত সাম্প্রদায়িক সম্প্রীতিৰ নিদর্শন ৰাখিলে কন্যাই। কেন্সাৰত আক্রান্ত এজন ব্যক্তিয়ে বিচাৰিছিল, মৃত্যুৰ পিছত তেওঁৰ সৎকাৰ কৰক ভিন্ন ধর্মৰ কোনো লোকে।
কিন্তু মৃত্যুৰ পিছত সৎকাৰৰ সময়ত তেওঁৰ সেই ইচ্ছা পূৰণ কৰা সম্ভৱ হোৱা নাছিল। সেয়ে বছৰ পাৰ হওঁতেই ইছলাম ধর্মাৱলম্বী এজন ব্যক্তিৰ হাতেৰে প্রয়াত পিতৃৰ শ্ৰাদ্ধৰ নীতি-নিয়ম সম্পন্ন কৰালে কন্যাই।
মঙ্গলবাৰে বংগৰ ডায়মন্ড হাৰবাৰৰ পাৰুলিয়া উপকূল থানাৰ দেউলপোতাৰ এটি ইটাভাতাত এই মাংগলিক কাম কৰিলে উস্তিৰ দেউলা এলেকাৰ বাসিন্দা চফিউদ্দিন মিদ্দেই। লগতে ভাতাৰ শ্রমিকসকলৰ পৰিয়ালৰ বাবে মধ্যাহ্নভোজনৰো ব্যৱস্থা কৰে মৃতকৰ পৰিয়ালে।
উল্লেখ্য, বেহালাৰ পর্ণশ্রী এলেকাৰ বাসিন্দা মোহন মণ্ডলে (৫৯) এটি ৰাষ্ট্ৰীয় কোম্পানীত চাকৰি কৰিছিল। এবছৰ পূৰ্বে তেওঁৰ কেন্সাৰত মৃত্যু হয়। তেওঁৰ ইচ্ছা আছিল, মৃত্যুৰ পিছত তেওঁৰ সৎকাৰ কৰক কোনো মুছলিম ব্যক্তিয়ে। কিন্তু তেওঁৰ অন্ত্যেষ্টিক্রিয়াৰ সময়ত সেই ইচ্ছা পূৰণ কৰিব পৰা নাছিল পৰিয়ালৰ সদস্যসকলে।
পিতৃৰ অন্তিম ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহিল ডাঙৰ জীয়াৰী পিয়ালি মণ্ডল। মুর্শিদাবাদৰ বহৰমপুৰৰ বাসিন্দা পিয়ালি পেছাত স্কুলৰ শিক্ষয়িত্ৰী। কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত তেওঁৰ আলোচনা হয় সমাজকর্মী চফিউদ্দিন মিদ্দেৰ সৈতে। চফিউদ্দিনক পিতৃৰ শ্ৰাদ্ধৰ ক্রিয়া কৰিবলৈ অনুৰোধ কৰে পিয়ালিয়ে।
তেৱোঁ ৰাজী হয়। ইয়াৰ পিছত মঙ্গলবাৰে ডায়মন্ড হাৰবাৰৰ দেউলপোতাৰ এটি ইটাভাতাত পুৰোহিত মাতি শ্রাদ্ধানুষ্ঠানৰ আয়োজন কৰা হয়। ৰীতিমতে বৈদিক মন্ত্রোচ্চাৰণ, খোল, কৰতাল আৰু কীর্তনৰ সহযোগত চলে আচাৰ অনুষ্ঠান। চফিউদ্দিনেও ধুতি পিন্ধি নামাৱলী গাত লৈ পাৰম্পৰিক ক্রিয়াত অংশ লয়।
এই সাম্প্রদায়িক সম্প্রীতিৰ ঘটনাৰ খবৰ ছচিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগেই প্রশংসাৰ জোৱাৰ উঠে। বিষয়টো সন্দৰ্ভত চফিউদ্দিনে জনায়, “এইখন ৰবীন্দ্রনাথ নজৰুলৰ বংগ। মানৱীয়তাই আমাৰ ধর্ম। আৰু সেই ধর্মৰ ফলতেই এজন মৃত পিতৃৰ প্রতি শ্রদ্ধা জনোৱাৰ সৌভাগ্য হৈছে মোৰ। পৰম কৰুণাময়ৰ ওচৰত মৃত মোহনবাবুৰ আত্মাৰ শান্তি কামনা কৰিছো।”










